প্ৰ’টিন আৰু মানৱ দেহ – বন্দিতা শৰ্মা কন্দলি

প্ৰ’টিন আৰু মানৱ দেহ

বন্দিতা শৰ্মা কন্দলি,দেৰগাঁও

মানৱ শৰীৰত প্ৰʼটিনৰ গুৰুত্ব অসীম। শৰীৰৰ বৃদ্ধি আৰু পুনৰ গঠনৰ বাবে প্ৰ’টিনৰ প্ৰয়োজন। সেয়ে প্ৰ’টিন থকা খাদ্যবস্তুবোৰক সাধাৰণতে “শৰীৰ বৰ্দ্ধক খাদ্য” বুলি কোৱা হয়।শৰীৰত প্ৰ’টিনৰ অভাৱ হ’লে শাৰীৰিক বৃদ্ধি বাধা প্ৰাপ্ততা,মুখফুলা, চুলি বিবৰ্ণ হোৱা,চালৰ বেমাৰ আৰু পেটচলা ৰোগত ভূগিব পাৰে।

আমাৰ শৰীৰে ৰোগ প্ৰতিৰোধ কৰাৰ বাবে অৰ্থাৎ ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়া, ভাইৰাছ আদিৰ বিৰুদ্ধে যুদ্ধ কৰি আমাৰ শৰীৰ সুস্থ কৰি ৰাখিবলৈ যি এণ্টিবডি গঠন কৰে সেই এণ্টিবডি গঠনত প্ৰʼটিনে বিশেষ ভূমিকা গ্ৰহণ কৰে। শৰীৰত ৰাসায়নিক বিক্ৰিয়া সংঘটিত কৰিবলৈ যি এনজাইমৰ প্ৰয়োজন সেই এনজাইম প্ৰ’টিনেই তৈয়াৰ কৰে।

প্ৰ’টিনে শৰীৰক শক্তিৰ যোগান ধৰে। শিশু অৱস্থাত যিমান প্ৰ’টিনৰ প্ৰয়োজন হয় প্ৰাপ্তবয়স্ক অৱস্থাত সেই পৰিমাণ কিছু কমি যায়। একেবাৰেই কম হ’লে আকৌ অভাৱজনিত ৰোগত ভূগিব লগাত পাৰে। উদ্ভিদ আৰু প্ৰাণী দুয়ো উৎসৰ পৰাই প্ৰ’টিন পাব পাৰি। উদ্ভিদৰ পৰা পোৱা প্ৰ’টিন সমৃদ্ধ খাদ্য হৈছে বিভিন্ন ধৰণৰ দাইল,বাদাম,চাউল,আটা,গম,চয়াবীন আদি।প্ৰাণীজ প্ৰ’টিন সমৃদ্ধ খাদ্য হৈছে কণী,মাছ-মাংস, গাখীৰ আদি।

প্ৰ’টিন এটা জটিল অনু। প্ৰ’টিন সাধাৰণতে ২০ টা ভিন্ন এমিনো এচিডৰে গঠিত,যি বোৰক জীৱনৰ গঠনমূলক প্ৰতিৰোধক বুলি ক’ব পাৰি। প্ৰ’টিনৰ গঠন আৰু কাৰ্যক্ৰমণিকাত এমিন’ এচিডে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আমেৰিকাৰ জৈৱ ৰাসায়নবিদ ডেভিদ বেকাৰে কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি আন প্ৰ’টিনতকৈ পৃথক আৰু সম্পূৰ্ণ নতুন প্ৰ’টিন ডিজাইন কৰিবলৈ সক্ষম হয়। তেওঁৰ গৱেষক দলে ঔষধ, ভেকচিন,নেনʼমেটেৰিয়েল আৰু ক্ষুদ্ৰ চেন্সৰ হিচাপে ব্যৱহাৰ কৰিব পৰা প্ৰ’টিনকে ধৰি বহু মূল্যৱান প্ৰ’টিন সৃষ্টি আৰু উৎপাদন কৰি আহিছে।অতি আনন্দৰ কথা বেকাৰৰ অন্যতম সহযোগী বিজ্ঞানী আছিল অসমৰ সু-সন্তান ড° ৰুবুল মাউত। ২০২৪ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নʼবেল বঁটা আগবঢ়াইছে ডেভিদ বেকাৰ,ডেমিছ হাচাবিছ আৰু জন এম জাম্পাৰলৈ।বেকাৰক গণনামূলক প্ৰ’টিন আৰ্হিৰ বাবে আৰু ডেমিছ হাছাবিছ আৰু জন জাম্পাৰলৈ প্ৰ’টিন গঠনৰ পূৰ্বানুমানৰ বাবে নʼবেল বঁটা আগবঢ়োৱা হৈছে। ২০২০ চনত ডেমিছ আৰু জাম্পাৰে আলফাফʼল্ড-২ নামৰ এটা AI মডেল উপস্থাপন কৰিছিল। তেওঁলোকৰ এই মডেল ১৯০ খন দেশৰ ২০ লাখতকৈও অধিক লোকে ব্যৱহাৰ কৰিছে।

ৰাসায়নিক সঁজুলি হিচাপে প্ৰ’টিনে কেনেদৰে শৰীৰত কাৰ্য কৰে তাক বুজিবলৈ সহজ হৈ পৰিছে। প্লাষ্টিক পচিব পৰা অনুজীৱই পৰিৱেশক সুৰক্ষা প্ৰদান কৰিব।