প্ৰকৃতি – এহিয়া আহমেদ

PC - Unsplash
প্ৰকৃতি
এহিয়া আহমেদ,
বৰথল কছাৰী গাওঁ, মৈৰাবাৰী
হুকহুকাই কান্দি উঠা 
নয়নভৰা অশ্ৰু
আজি প্ৰকৃতিয়ে কান্দে,
গছ- গছনি কাটি
ভংগ কৰে প্ৰকৃতিৰ বিশুদ্ধ আনন্দ,
পাহাৰ কাটি অট্টালিকা বনাই,
বায়ু প্ৰদূষণে নমাই আনে
ঘোৰ অমানিশা।
প্লাষ্টিক পলিথিনৰ অবাধ ব্যৱহাৰে
ধ্বংস হৈছে বসুন্ধৰা,
লৌকিক নীতি নিয়মৰ অধীনত আজি
হাৰি যায় মানৱতা।
আহক আমি সকলোৱে
হাতে হাত মিলাই
ৰক্ষা কৰোঁ প্ৰকৃতি,
অন্যথা, পৃথিৱী
শীঘ্ৰেই হ’ব মৰুভূমি।।