প্ৰকৃততে আপুনি যদি সত্য তেন্তে ইয়াৰ প্ৰমাণ দিবলৈ নাযাব
চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি
সঁচা অৰ্থত কবলৈ গ’লে বৰ্তমান সময়ত সকলো বিষয়ৰে মানুহে সত্যতাৰ প্ৰমাণ বিচাৰিবলৈ আৰম্ভ কৰি দিয়ে। কাৰণ বৰ্তমান সময়ত আগৰ তুলনামূলকভাৱে ভুৱা বা মিছলিয়া মানুহবোৰৰ প্ৰাদুৰ্ভাৱ দিন প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে। ইয়াৰ ফলত মানুহৰ মাজত মানসিক শক্তি, আস্থা, বিশ্বাস, ভাতৃত্ববোধ, মৰম, চেনেহ, আত্মীয়তা আদি দিনক দিনে কমিবলৈ আৰম্ভ কৰিছে। এতিয়া ভাল মানুহ,ভাল বিষয়-বস্তু প্ৰতি মানুহৰ আগ্ৰহ কমি অহা পৰিলক্ষিত হৈছে। সেয়েহে আগতে আমি যিবোৰ বিষয়ক ভাল,সত্য বুলি বিবেচনা কৰিছিলোঁ বৰ্তমান সময়ত গৈ গৈ সেইবোৰ বিষয়-বস্তুয়ে মানুহক বেয়া লাগিবলৈ আৰম্ভ কৰিছে। আমাৰ এতিয়াৰ যান্ত্ৰিক জীৱন নিৰ্বাহ প্ৰনালীৰ ফলত বেছি ভাল মানুহ আৰু প্ৰকৃত অৰ্থত বাস্তৱ সত্য কথাবোৰ স্বীকাৰ কৰিবলৈ দুধুৰ-মুধুৰ মানসিকতাৰ সৃষ্টি হ’বলৈ ধৰিছে। কিন্তু ইয়াৰ বাবে একমাত্ৰ জগৰীয়া কোনো ? যদি আমিয়েই মিলি এনেধৰণৰ পৰিস্থিতি উদ্ভাৱন কৰিছোঁ তেন্তে ইয়াৰ সমাধানৰ বাবে কোনে দায়িত্ব গ্ৰহণ কৰিব ?
হ’ব পাৰে আমাৰ বৰ্তমানৰ পৰিবেশ, পৰিস্থিতি আগৰ তুলনাত বহু সালসলনি হৈ পৰিছে। তথাপিও এই সংসাৰৰ খনৰ যিকোনো ধৰণৰ প্ৰশ্নতে মাত্ৰ দুটা উওৰ উদ্ভাৱন হৈ থাকে। তাৰে এটা হ’ল ভুল আৰু আনটো হ’ল শুদ্ধ। অৰ্থাৎ অন্য ধৰনেৰ ইয়াক যদি উপস্থাপন কৰোঁ তেন্তে ইয়াক পোহৰ আৰু আন্ধাৰৰ জৰিয়তেওঁ বুজি ল’ব পাৰি। এফালে যদি সত্য আছে তাৰ আনফালে আকৌ অসত্যয়ে বিৰাজমান কৰিছে। গতিকে সৃষ্টিৰ অন্তিম ক্ষণলৈকে এই একেটায়ে পক্ৰিয়াত গতি কৰিয়েই থাকিব। আৰু ইয়াক সালসলনি কৰিবলৈ আমাৰ হাতত একো এটায়ে সামৰ্থ্য নাই বুলিয়েই উল্লেখ কৰিব লাগিব।
এতিয়া আহো এই আলোচনাৰ মূল বিষয়-বস্তুলৈ নহয় জানো ? প্ৰকৃততে আপুনি যদি সত্য তেন্তে ইয়াৰ প্ৰমাণ দিবলৈ কেতিয়াওঁ নাযাব । কাৰণ সত্যৰ লগত প্ৰমাণ জড়িত কৰি ইয়াক আন্তৰিক দোষবোৰৰ কাৰক হিচাপে বিস্তাৰ কৰি নলব। আমি কেতিয়াবা নিজে সত্য বিষয়-বস্তুৰ লগত জড়িত থকা সত্বেও হয়তো জগতৰ বহু মানুহে ইয়াক গ্ৰহণ কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰে। তেন্তে এনেধৰণৰ পৰিস্থিতিত সত্যতাৰ সৈতে থিয় দিয়া মানুহে হয়তো কেতিয়াবা বহু মানসিক অশান্তিৰ সন্মুখীন কৰিবলগীয়া হ’ব পাৰে। কিন্তু আপুনি যদি সত্যতাৰ সৈতে থিয় দিবলৈ আগবাঢ়ি আহিছে তেন্তে পৰাপক্ষত বৰ্তমান সময়ত বহু ধৈৰ্য সহকাৰে একেবাৰে মৌনতাৰ সৈতে সকলোবোৰ পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে নিজৰ ব্যক্তিগত সামৰ্থ্য সমূহ উদ্ভাৱন কৰি ল’ব লাগিব। ইয়াৰ ফলস্বৰূপে ইমানবোৰ গুণ বিকশিত কৰাৰ ফলত এসময়ত গৈ আপুনি নিজ চকুৰে পৰিলক্ষিত কৰিবলৈ সক্ষম হ’ব যে, প্ৰমাণ সহকাৰে প্ৰকৃত সত্যবোৰ নিজে নিজে প্ৰতিষ্ঠিত হৈ পৰিছে। গতিকে প্ৰকৃততে আপুনি যদি সত্য তেন্তে ইয়াৰ প্ৰমাণ দিবলৈ নাযাব। কাৰণ যেতিয়াই আপুনি সত্যতাৰ প্ৰমাণ দিবলৈ আগবাঢ়ি আহিব তেতিয়াই মানুহে আপোনাক মিছলিয়া বুলি উপলুঙা কৰিবলৈ আৰম্ভ কৰি দিব। সেয়েহে সদায় প্ৰকৃত সত্যক উপলব্ধি কৰিবলৈ হ’লে আমাৰ দুই দৃষ্টিৰ ওপৰতো আন্তৰিক দৃষ্টিশক্তিৰ বহু প্ৰয়োজন হয়।