প্রাক্তন প্রধানমন্ত্রী ড° মনমোহন সিঙৰ মৃত্যুত ৭ দিনীয়া ৰাজ্যিক শোক

প্রাক্তন প্রধানমন্ত্রী ড° মনমোহন সিঙৰ মৃত্যুত ৭ দিনীয়া ৰাজ্যিক শোক

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙক হেৰুৱাই শোকস্তব্ধ সমগ্ৰ দেশবাসী।প্রাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি তেওঁলৈ শ্রদ্ধাঞ্জলি জ্ঞাপনৰ উদ্দেশ্যে অসম চৰকাৰে সাত দিনীয়া ৰাজ্যিক শোক পালনৰ কথা ঘোষণা কৰিছে। এই সময়ছোৱাত ৰাজ্য চৰকাৰৰ সকলো কার্যালয়-প্রতিষ্ঠানতে অর্ধনমিত হৈ থাকিব ৰাষ্ট্ৰীয় পতাকা। লগতে এই সময়ছোৱাত সকলো চৰকাৰী মনোৰঞ্জনমূলক কার্যসূচী বাতিল কৰা হৈছে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই কথা সদৰী কৰিছে। আনহাতে, প্রাক্তন প্রধানমন্ত্ৰীগৰাকীৰ মৃত্যুত গভীৰ শোক ব্যক্ত কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ড° মনমোহন সিঙৰ পৰলোকগমনত ৰাষ্ট্ৰই এগৰাকী মহান দেশপ্রেমী, বিদগ্ধ পণ্ডিত, এগৰাকী অগতানুগতিক ৰাজনীতিবিদক হেৰুৱালে বুলি উল্লেখ কৰে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই সন্দর্ভত কয়- ১৯৯১ চনৰ পৰা ড° মনমোহন সিঙৰ সান্নিধ্যৰ সৌভাগ্য লাভ কৰিছিলোঁ। সেই বৰ্ষতে প্ৰথমবাৰৰ বাবে অসমৰ পৰা তেওঁ ৰাজ্যসভালৈ নির্বাচিত হৈছিল আৰু ধাৰাবাহিকভাৱে তেওঁ ২৮ বছৰ ধৰি অসমক প্রতিনিধিত্ব কৰিছিল। ড° সিঙৰ বিনম্রতা আছিল অলংকাৰ। ব্যক্তিগতভাৱে তেওঁৰ সৈতে হোৱা প্রতিটো বার্তালাপত সৰলতা, শালীনতা আৰু বৌদ্ধিক দক্ষতাৰ উমান পাইছিলোঁ। বিশেষকৈ প্রধানমন্ত্রী হিচাপে ড° সিঙৰ কাৰ্যকালত মই তেওঁৰ সৈতে অসম সম্পর্কীয় বিষয়সমূহ সন্দৰ্ভত কেইবাবাৰো বাৰ্তালাপ কৰাৰ সুযোগ পাইছিলোঁ আৰু তেওঁ সদায়ে ধৈৰ্য আৰু একাগ্ৰতাৰে আমাৰ কথা শুনি দিহা দিছিল, সামাজিক সমস্যাবোৰৰ প্রতি এক দৃঢ় দায়বদ্ধতা প্রদর্শন কৰিছিল। বিভাজনৰ পাছত ভাৰতক জন্মলগ্নৰে পৰা দেখা দেশৰ প্ৰাক্তন প্রধানমন্ত্ৰীগৰাকীয়ে কেইবাটাও বিশিষ্ট পদত দেশলৈ সেৱা আগবঢ়াইছিল। মুখ্যমন্ত্রীয়ে কয়- মুক্ত বজাৰ অৰ্থনীতিৰ পৰা আৰম্ভ কৰা আৰু দশকজুৰি প্ৰতিক্রিয়াশীল সমাজতান্ত্রিক নীতিৰ সমাপ্তিৰ ক্ষেত্ৰত তেওঁৰ গুৰুত্বপূৰ্ণ ভূমিকাক ভাৰতৰ উত্তৰ প্ৰজন্মই সদায় স্মৰণ কৰিব। তেওঁৰ পৰলোকগমনত ৰাষ্ট্ৰই এগৰাকী মহান দেশপ্রেমী, বিদগ্ধ পণ্ডিত, এগৰাকী অগতানুগতিক ৰাজনীতিবিদক হেৰুৱালে। এই মুহূৰ্তত তেওঁৰ বিদেহ আত্মাৰ সদ্গতি কামনাৰ লগতে সন্মানীয় গুৰুচৰণ বাইদেউ আৰু পৰিয়ালবৰ্গ-শুভাকাংক্ষীলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।উল্লেখযোগ্য যে  ড° মনমোহন সিঙৰ অসমৰে ৰাজনৈতিক সম্পর্ক আছিল। অসমক প্রতিনিধিত্ব কৰা সাংসদ হিচাপে প্রধানমন্ত্রী হৈছিল ড° মনমোহন সিং। অসমৰ পৰা ৰাজ্যসভাক প্রতিনিধিত্ব কৰা ড° মনমোহন সিঙে শেষৰটো কাৰ্যকাল ৰাজস্থানৰ পৰা প্রতিনিধিত্ব কৰিছিল। প্রধানমন্ত্রী হৈ থকা অৱস্থাত তেওঁ অসমৰ সাংসদ আছিল। ভোট দিবলৈ তেওঁ অসমলৈ আহিছিল। অসমৰ সাংসদ হিচাপে তেওঁ দুবাৰকৈ প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰিছিল। ইয়াৰ পূৰ্বে ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈ দেশৰ বিত্তমন্ত্ৰী হিচাপে কার্যনির্বাহ কৰা ড° মনমোহন সিঙে ২০০৪ চনৰ পৰা ২০১৪ চনলৈ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। অসমৰ পৰা তেওঁ ১৯৯১ চনত, ১৯৯৫, ২০০১, ২০০৭ আৰু ২০১৩ চনত ৰাজ্যসভালৈ নির্বাচিত হৈছিল।