প্রয়োজন হ’লে চিবিআইক প্ৰদান কৰিব ট্রেডিং কেলেংকাৰিৰ তদন্তৰ দায়িত্বঃমুখ্যমন্ত্ৰী

Pc Economic Times

প্রয়োজন হ’লে চিবিআইক প্ৰদান কৰিব ট্রেডিং কেলেংকাৰিৰ তদন্তৰ দায়িত্বঃমুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা-  মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এটা  কথা স্পষ্ট কৰি দিয়ে যে ট্রেডিং প্ৰৱঞ্চকসকল আৰক্ষীৰ হাতৰ পৰা কোনো কাৰণতে সাৰি যাব নোৱাৰে।মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে  এই সমগ্র কেলেংকাৰিৰ তদন্ত কৰাৰ বাবে এক এছআইটি গঠন কৰা হৈছে। প্রয়োজনত এই গোচৰৰ তদন্ত চিবিআইৰ হাততো অর্পণ কৰা হ’ব। এই বিত্তীয় কেলেংকাৰিৰ ডাঙৰ গোচৰসমূহ চিআইডিয়ে আৰু সৰু গোচৰসমূহ জিলা আৰক্ষীয়ে তদন্ত কৰিব। সমগ্ৰ গোচৰটো চিআইডিৰ লগতে ইডি আৰু আয়কৰ বিভাগে তদন্ত কৰিব। এটা সময়ত যদি প্রয়োজন হয় যে গোচৰটো চিবিআইক দিব লাগে, তেন্তে ৰাজ্য চৰকাৰে চিবিআইৰ হাততো অর্পণ কৰিব গোচৰ। ৰাজ্য চৰকাৰে যদি ধাৰণা কৰে যে গোচৰটো যথেষ্ট জটিল তেন্তে ততালিকে ইয়াক চিবিআইৰ হাতত অর্পণ কৰা হ’ব। ইফালে ট্রেডিং প্ৰৱঞ্চনা কৰি পলাই থকা অভিনেত্রী চুমি বৰাৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়- এতিয়ালৈ ধৰা নপৰা বুলি কথা নাই। কালপ্রিট পলালেও আৰক্ষীয়ে নির্দিষ্ট এটা সময়ৰ ভিতৰত কৰায়ত্ত কৰিবলৈ সক্ষম হয়। কালপ্রিট এতিয়াও ভাৰতৰ বাহিৰলৈ যোৱা নাই। গতিকে ধৰা পৰিবই। কোনোবা যদি পলাইছে ১০ লাখ টকা লৈ, তেন্তে কিছুদিন পিছত হোটেলৰ বিল দিব নোৱাৰি নিজে নিজে আহি আত্মসমর্পণ কৰিব। হাতত দুটামান টকা থকা বাবে লুকাই আছে। টকা শেষ হ’লে নিজে নিজে আত্মসমর্পণৰ বাবে আৰক্ষীক যোগাযোগ কৰিব।