প্রয়াত প্ৰাক্তন প্রধানমন্ত্রী ড° মনমোহন সিঙক ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰ অন্তিম শ্রদ্ধা জ্ঞাপন
ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ প্ৰাক্তন প্রধানমন্ত্রী ড° মনমোহন সিঙৰ বিয়োগক লৈ ম্রিয়মাণ দেশবাসী। বৃহস্পতিবাৰে নিশা দিল্লীৰ এইমত বিয়োগ ঘটা প্রাক্তন প্রধানমন্ত্রী ড° মনমোহন সিঙৰ ৰাজধানী চহৰখনৰ মতিলাল নেহৰু পথত থকা বাসভৱনত পুৱাৰে পৰা নশ্বৰ দেহত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে ড° মনমোহন সিঙৰ বাসভৱনলৈ গৈ তেওঁৰ নশ্বৰ দেহত শেষ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বাসভৱনলৈ গৈ ড° মনমোহন সিঙৰ নশ্বৰ দেহত শেষ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁৰ মৃত্যু দেশৰ অপূৰণীয় ক্ষতি বুলি শোক প্রকাশ কৰে। কংগ্ৰেছ নেতৃত্বাধীন ইউপিএৰ একেৰাহে দুটাকৈ কাৰ্যকালৰ প্রধানমন্ত্রী তথা প্রবীণ কংগ্ৰেছী নেতা ড° মনমোহন সিঙৰ বাসগৃহত কংগ্ৰেছৰ শীর্ষ নেত্রী ছোনিয়া গান্ধী, সাংসদ ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খার্গেই পুষ্পমালাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সৈতে উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে ড° মনমোহন সিঙৰ নশ্বৰ দেহত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উপৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাসহ বিভিন্ন ৰাজনৈতিক দলৰ মুৰব্বী, কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অন্তিম শ্রদ্ধাঞ্জলি জনায়। ড° মনমোহন সিঙৰ নিজা বাসভৱনত পুৱাৰে পৰা নিশালৈকে প্রয়াত ৰাষ্ট্ৰনেতা সিঙৰ নশ্বৰ দেহত অগণন লোকে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। বৃহস্পতিবাৰে নিশা দেহাৱসান ঘটা ড° মনমোহন সিঙৰ কন্যা আমেৰিকাৰ পৰা শুকুৰবাৰে পুৱতিনিশা স্বদেশলৈ প্রত্যাৱর্তন কৰিব। কন্যাৰ স্বদেশলৈ উভতি অহাৰ বাবেই শনিবাৰে ড° মনমোহন সিঙৰ শেষকৃত্য সম্পন্ন কৰা হ’ব। দেশৰ চতুৰ্দশ প্রধানমন্ত্রী ড° মনমোহন সিঙৰ নশ্বৰ দেহ শোকাকুল পৰিৱেশত শেষকৃত্য সম্পন্ন কৰাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰৰ সকলো কার্যালয় প্রাক্তন প্রধানমন্ত্ৰীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই অর্ধছুটী ঘোষণা কৰা হৈছে। ৭ দিন ধৰি ৰাষ্ট্ৰীয় শোক পালন কৰা হ’ব। ১ জানুৱাৰীলৈকে প্রয়াত প্রাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতি সন্মান জনাই ৰাষ্ট্ৰীয় পতাকা অর্ধনমিত কৰি ৰখা হ’ব। বিদেশত সকলো উচ্চায়ুক্তৰ কাৰ্যালয়তো ৰাষ্ট্ৰীয় পতাকা অর্ধনমিত কৰি ৰখা হ’ব। প্রয়াত প্রাক্তন প্রধানমন্ত্রী ড° মনমোহন সিঙৰ বিয়োগত শোক প্রকাশ কৰি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কয় যে তেওঁৰ মৃত্যু দেশৰ বাবে গুৰুত্বপূৰ্ণ ক্ষতি। তেওঁ এজন সংহতি, মানৱতা আৰু বুদ্ধিদীপ্ত প্ৰজ্ঞাৰ নেতা আছিল। দেশৰ প্ৰগতিত তেওঁৰ অৱদান কেতিয়াও পাহৰিব পৰা নাযাব। তেওঁৰ জীৱনেই সংগ্রামক অতিক্রমি কিদৰে উত্থাপন হ’ব পাৰি আৰু শিখৰত উপনীত হ’ব পাৰি তাক শিক্ষণ দিয়ে। নতুন প্রজন্মক তেওঁৰ জীৱনে অনুপ্ৰেৰণা জনাব। ভাৰতৰ অৰ্থনৈতিক সংকটৰ সময়ত ড° মনমোহন সিঙে উদাৰীকৰণ নীতিৰে বিদেশী বিনিয়োগকাৰীক দেশৰ বজাৰত বিনিয়োগ কৰাত উদগনি জনাই অর্থনীতি উদ্ধাৰ কৰিছিল। ভাৰতৰ আধুনিক অৰ্থনীতিৰ অন্যতম ৰূপকাৰ আছিল তেওঁ। তদুপৰি ৰাজ্যসভাত সাংসদ হিচাপে তেওঁৰ যি দায়িত্ব আৰু কৰ্তব্য সদায়ে স্মৰণ কৰিব লাগিব। ৯২ বছৰ বয়সত বিয়োগ ঘটা প্রাক্তন প্রধানমন্ত্রী প্রখ্যাত অর্থনীতিবিদ ড° মনমোহন সিঙৰ বিয়োগত বিশ্বৰ নেতাসকলে গভীৰ শোক প্ৰকাশ কৰিছে। শিক্ষাবিদ আৰু ভাৰতৰ অৰ্থনীতিক নতুন গতি প্ৰদান কৰা ড মনমোহন° সিঙৰ বিয়োগত এক শোকবার্তাত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰই কয়- ভাৰতে এগৰাকী মহান ব্যক্তি হেৰুৱালে আৰু ফ্রান্সে হেৰুৱালে এজন প্রকৃত বন্ধু। ড° মনমোহন সিঙে দেশৰ কাৰণে তেওঁৰ জীৱন উৎসর্গিত কৰিছিল। তেওঁৰ পৰিয়াল আৰু ভাৰতবাসীৰ প্ৰতি সমবেদনা প্রকাশ কৰিছে।