প্রদেশ কংগ্ৰেছৰ নির্বাচন কমিটী আৰু ৰাজনৈতিক পৰিক্ৰমা কমিটীৰ পৰা পদত্যাগ অকণ বৰা
ৰঙিলী বাৰ্ত্তাসেৱা- অৱশেষত প্রদেশ কংগ্ৰেছৰ নির্বাচন কমিটী আৰু ৰাজনৈতিক পৰিক্ৰমা কমিটীৰ পৰা পদত্যাগ কৰিলে জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী অকণ বৰাই। এআইচিচিৰ সভাপতি মল্লিকার্জুন খাৰ্গেলৈ অকণ বৰাই পদত্যাগ-পত্ৰ প্ৰেৰণ কৰে। উল্লেখ্য যে পুত্ৰ মানস বৰাই বিজেপি দলত যোগদান কৰাৰ পিছৰে পৰা কংগ্ৰেছত অস্বস্তিকৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয় জ্যেষ্ঠ কংগ্ৰেছ নেতা অকণ বৰা। কংগ্ৰেছৰ ভিতৰুৱা খবৰ অকণ বৰাৰ পৰা পুত্ৰ মানস বৰাই লাভ কৰি সেই খবৰ বিজেপিক দিয়ে বুলি দলৰ একাংশই তেওঁৰ প্ৰতি সন্দেহ প্রকাশ কৰি আহিছে। আনকি অলপতে অনুষ্ঠিত প্রদেশ কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা কমিটীৰ বৈঠকত অকণ বৰাৰ উপস্থিতিক লৈও দলৰ একাংশই সন্দেহ আৰু অসন্তুষ্টি ব্যক্ত কৰিছিল। বহু সময়ত অকণ বৰাৰ উপস্থিতিত দলৰ গুৰুত্বপূৰ্ণ বিষয় আদি আলোচনা কৰাৰ পৰাও দল বিৰত থাকে। মূলতঃ পুত্ৰ মানস বৰাই বিজেপিত যোগ দিলেও পিতা-পুত্র একেখন ঘৰত থকা বাবেই বহুতে অকণ বৰাক সহজভাৱে ল’ব পৰা নাছিল। ফলত দলৰ মজিয়াত কাৰ্যতঃ এলাগী হোৱাৰ উপক্ৰম হৈ পৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা অকণ বৰা। এনে প্রেক্ষাপটত অকণ বৰাই প্ৰদেশ কংগ্ৰেছৰ নির্বাচন কমিটী আৰু ৰাজনৈতিক পৰিক্ৰমা কমিটীৰ পৰা পদত্যাগ কৰে। অৱশ্যে তেওঁ এতিয়াও কংগ্ৰেছ দলৰ সদস্য হৈ আছে। ইপিনে দলৰ এক ব্যক্তি এক পদ নীতি অনুসৰণ কৰি গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিছে নৱজ্যোতি তালুকদাৰে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই দলৰ মিডিয়া বিভাগৰ সাধাৰণ সম্পাদক গোপাল চন্দ্র শৰ্মাক গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি হিচাপে নিযুক্তি দিছে। উল্লেখ্য যে নৱজ্যোতি তালুকদাৰ প্রদেশ কংগ্ৰেছৰ উপ-সভাপতিৰ দায়িত্বত আছিল।