প্রকাশন পৰিষদ সাহিত্য বঁটা-২০২৪ ৰ বাবে গ্রন্থ আহ্বান 

প্রকাশন পৰিষদ সাহিত্য বঁটা-২০২৪ ৰ বাবে গ্রন্থ আহ্বান 

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম প্রকাশন পৰিষদৰ উদ্যোগত বিগত বছৰৰ দৰেই এইবছৰো বিশিষ্ট সাহিত্যিক আক প্রকাশকসকললৈ সন্মানীয় ‘প্রকাশন পৰিষদ সাহিতা বঁটা’ ২০২৪ বর্ষৰ বাবে প্রদানৰ যাৱতীয় ব্যবস্থা হাতত লোৱা হৈছে। ২০২১ চনৰ ১ জানুৱাৰীৰ পৰা ২০২৩ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত প্রকাশিত উপন্যাস, গল্প, নাটক আৰু কাব্যগ্রন্থৰ মাজৰ পৰা নির্বাচিত গ্রন্থখনৰ লেখক আক প্রকাশক দুয়োগৰাকীকে ‘প্রকাশন পৰিষদ সাহিত্য বঁটা-২০২৪’ যে পুৰস্কৃত কৰা হ’ব।  সংবাদ মাধ্যমলৈ প্রেৰণ কৰা এক বিজ্ঞপ্তিত পৰিষদৰ সচিব প্রমোদ কলিতাই জানিবলৈ দিয়া মতে এই বঁটাত গ্রন্থৰ লেখকক পাঁচ লাখ টকাৰ সৈতে মানপত্র আক প্রকাশকক তিনি লাখ টকাৰ লগতে মানপত্র প্রদান কৰা হ’ব। নির্ধাৰিত সময়সীমাৰ ভিতৰত প্রকাশিত উপন্যাস, গল্প, নাটক আৰু কাব্যগ্রন্থৰ লেখক অথবা প্রকাশকৰ যিকোনো এগৰাকীয়ে প্র-পত্র পূৰণ কৰি প্রেৰণ কৰিব পাৰিব। প্র-পত্ৰৰ সৈতে গ্রন্থৰ চাৰিটা কপি অহা ১৫-১১-২০২৪ তাৰিখব ভিতৰত পোৱাকৈ প্ৰেৰণ কৰিব লাগিব। প্র-পত্র অনলাইনযোগে (ই-মেইল) প্ৰেৰণ কৰাৰ উপৰি ডাকযোগেও প্র-পত্ৰৰ সৈতে গ্রন্থৰ চাৰিটা কপি প্ৰেৰণ কৰিব পাৰিব। প্ৰ-প্ৰত্ৰখন অসম প্রকাশন পৰিষদৰ বেৱছাইটও উপলব্ধ হ’ব। বেৱচাইট www.publicationboardassam.com। প্ৰ-পত্র প্রেৰণৰ ডাক ঠিকনাঃ সচিব, অসম প্রকাশন পৰিষদ, বামুণীমৈদাম, গুৱাহাটী-২১ ই-মেইল: assampublicationboard@gmail.com