পোষণ মাহৰ প্ৰাসংগিকতা – দ্বীপেন বৰুৱা

পোষণ মাহৰ প্ৰাসংগিকতা

(সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহ-২০২৪ উপলক্ষে)

দ্বীপেন বৰুৱা

কেন্দ্ৰীয় চৰকাৰৰ ধ্বজাবাহী আঁচনি পোষণ অভিযানৰ অধীনত ২০১৮ চনৰ পৰা প্ৰতিবছৰে ছেপ্তেম্বৰ মাহটো সমগ্ৰ দেশত ৰাষ্ট্ৰীয় পোষণ মাহ হিচাপে উদযাপন কৰি অহা হৈছে৷ এই মাহত ভাৰতৰ সমূহ ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ দ্বাৰা তৃণমূল স্তৰলৈকে পুষ্টি সজাগতা সম্পৰ্কীয় কাৰ্যকলাপসমূহ ব্যাপকভাৱে সম্পন্ন কৰা হয়। ৰাষ্ট্ৰীয় পোষণ মাহে পুষ্টি আৰু সুস্বাস্থ্যৰ বিষয়ত জনসাধাৰণৰ মনোযোগ বৃদ্ধিৰ এক মঞ্চ হিচাপে কাম কৰে। সমুদায়সমূহক একগোট কৰাটো সুনিশ্চিত কৰাৰ লগতে জনসাধাৰণৰ অংশগ্ৰহণ শক্তিশালী কৰাৰ বাবে এই মাহত বিভিন্ন কাৰ্যসূচী হাতত লোৱা হয়৷ মানৱ শৰীৰৰ সুচাৰু কাম-কাজ আৰু বিকাশৰ বাবে অত্যাৱশ্যকীয় পুষ্টি আৰু কেলৰিৰ সংমিশ্ৰণৰ সৈতে এক সন্তুলিত আহাৰৰ প্ৰয়োজনীয়তাৰ দিশটোতো ই গুৰুত্ব প্ৰদান কৰে।

২০১৮ চনৰ ৮ মাৰ্চ তাৰিখে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাজস্থানৰ ঝুনঝুনুত পোষণ অভিযানৰ শুভাৰম্ভণি কৰিছিল৷ এই অভিযানৰ সফল ৰূপায়ণৰ বাবে চৰকাৰৰ কেইবাটাও বিভাগে একত্ৰিতভাৱে কাম কৰি আহিছে৷ ২০২১-২২ বৰ্ষৰপৰা পোষণ অভিযানক উন্নীত কৰি মিছন পোষণ-২.০ ঘোষণা কৰা হৈছে৷ ইয়াৰ জৰিয়তে পুষ্টিৰ সতে জড়িত কেইবাখনো আঁচনিক একত্ৰিকৰণ কৰা হয়৷ পৰিপূৰক পুষ্টি কাৰ্যক্ৰম আঁচনি (Supplementary Nutrition Programme), কিশোৰী ছোৱালীৰ আঁচনি (Schemes for Adolescent Girls) তথা অংগনবাড়ী সেৱা আঁচনি(Anganwadi Services)ক মিছন পোষণ-২.০ ৰ অন্তৰ্ভুক্ত কৰা হৈছে৷ ০-৬ বছৰৰ শিশু, কিশোৰী, গৰ্ভৱতী মহিলা আৰু প্ৰসূতি মাতৃৰ লগতে সমাজৰ বিভিন্ন স্তৰৰ লোকৰ মাজত পুষ্টি সজাগতা বৃদ্ধি কৰা তথা সকলোৰে বাবে স্বাস্থ্য আৰু পুষ্টি নিশ্চিত কৰাটোৱেই পোষণ অভিযানৰ মূল লক্ষ্য ৷

এতিয়া প্ৰশ্ন হ’ল- স্বাস্থ্য কিয় লাগে? জীৱনটো পৰিপূৰ্ণভৱে উদযাপন কৰিবলৈ স্বাস্থ্যৰ দৰকাৰ৷ জীৱনত যিকোনো ক্ষেত্ৰতে কৃতকাৰ্য হ’বলৈ আটাইতকৈ দৰকাৰী বস্তুটো হ’ল স্বাস্থ্য৷ পুষ্টিকৰ আৰু সহজে হজম কৰিব পৰা সুষম আহাৰেই হ’ল সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় উপাদান৷ আমি যি আহাৰ খাই জীয়াই থাকোঁ আৰু কাম কৰিবলৈ শক্তি পাওঁ, তাত কম-বেছি পৰিমাণে শ্বেতসাৰ, প্ৰ’টিন, চৰ্বি, ভিটামিন, খনিজ লৱণ, পানী আদি উপাদানসমূহ থকা উচিত৷ আমি সহজে পোৱা সাধাৰণ শাক-পাচলি, চাউল, ফল-মূল, কচু, মাছ-মাংস, তেল, দাইল, ৰুটি আদিতেই এই উপাদানসমূহ পোৱা যায়৷ চিকিৎসকসকলৰ মতে স্বাস্থ্যৰ কাৰণে খুব বেছি দামী আহাৰ খোৱাৰ দৰকাৰ নাই৷ প্ৰচুৰ পৰিমাণে দামী আহাৰ খোৱা ধনী মানুহবোৰৰ উচ্চ ৰক্তচাপ, বহুমূত্ৰ, হৃৎপিণ্ডৰ বেমাৰ আৰু মেদ-বাহুল্য খুব বেছিকৈ হয়৷ ডাঃ কৃষ্ণ মুৰাৰি মোডী নামৰ এজন বিশিষ্ট চিকিৎসকে এষাৰ অতি মূল্যৱান কথা কৈছে – One must eat poor men’s food to avoid rich men’s diseases ৷ অৰ্থাৎ ধনী মানুহৰ বেমাৰৰ পৰা হাত সাৰি থাকিবলৈ দুখীয়া মানুহৰ আহাৰ খাব লাগে৷ কথাষাৰ অতি তাৎপৰ্যপূৰ্ণ৷ ৰাষ্ট্ৰীয় পোষণ মাহত এই মূল্যবান বাৰ্তাসমূহ বিভিন্ন সজাগতামূলক কাৰ্যসূচী আদিৰ মাধ্যমেৰে জনসাধাৰণৰ ওচৰলৈ লৈ যোৱা হয় আৰু তেওঁলোকৰ সামাজিক তথা আচৰণগত পৰিৱৰ্তন আনিবলৈও প্ৰয়াস কৰা হয়৷

২০২৪ বৰ্ষত ৰাষ্ট্ৰীয় পোষণ মাহ উদযাপনৰ সপ্তম বৰ্ষত উপনীত হৈছে। পোষণ অভিযানৰ সামগ্ৰিক লক্ষ্যপ্ৰাপ্তিৰ উদ্দেশ্য আগত ৰাখি আৰম্ভ কৰা ৰাষ্ট্ৰীয় পোষণ মাহে জন্মৰপৰা ছবছৰৰ শিশু, কিশোৰী, গৰ্ভৱতী মহিলা আৰু প্ৰসূতি মাতৃ, স্বামীকে ধৰি পৰিয়ালৰ সদস্য, পিতৃ-মাতৃ তথা স্বাস্থ্যসেৱা প্ৰদানকাৰী কৰ্মীসকলক পুষ্টি আচৰণৰ বিষয়ে বহলভাৱে অৱগত কৰে। এই সময়ছোৱাত মহিলা আৰু শিশু বিকাশ বিভাগৰ দৰে কাৰ্যকৰী বিভাগ তথা সংস্থাসমূহে অংগনবাড়ী কৰ্মী, আশা কৰ্মী, এএনএম আদিৰ জৰিয়তে কাৰ্যসূচীসমূহ সম্পন্ন কৰি সমগ্ৰ মাহটোত পৰিপুষ্টিৰ প্ৰয়োজনীয় বাৰ্তাসমূহ প্ৰচাৰ কৰি বিশেষকৈ মহিলা আৰু শিশুসকলৰ ভৱিষ্যত সুনিশ্চিত কৰিবলৈ যত্ন কৰে। পোষণ মাহ উদযাপন কৰিবলৈ প্ৰতি বছৰে কিছুমান নিৰ্দিষ্ট বিষযবস্তু বাছনি কৰা হয়। মহিলা আৰু শিশু বিকাশ মন্ত্ৰণালয়ে নিৰ্দ্ধাৰণ কৰা এই বৰ্ষৰ পোষণ মাহৰ মূল বিষয়বস্তুকেইটা হ’ল- ৰক্তহীনতা, বৃদ্ধি নিৰীক্ষণ, পৰিপূৰক আহাৰ, পোষণ ভী-পঢ়াই ভী, উন্নত প্ৰশাসনৰ বাবে প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ আৰু পৰিৱেশ সুৰক্ষা৷ এই বিষয়কেইটাকে মূল লক্ষ্য হিচাবে লৈ বিভিন্ন সজাগতা কাৰ্যসূচীসমূহ হাতত লোৱা হৈছে৷

পুষ্টিহীনতাৰ ফলত ভোগা ৰোগৰ অন্যতম হ’ল ৰক্তহীনতা বা এনিমিয়া৷ এক ৰাষ্ট্ৰীয় সমীক্ষামতে আমাৰ দেশৰ প্ৰতি দুগৰাকী মহিলাৰ ভিতৰৰ এগৰাকী হ’ল এনিমিয়াৰ ভুক্তভোগী৷ যিকোনো বয়সৰ লোকেই এনিমিয়াত ভোগাৰ সম্ভাৱনা থাকিলেও সমীক্ষা মতে মহিলাসকল বেছিকৈ এই ৰোগত ভোগা দেখা যায়। বিশেষকৈ কিশোৰী কালছোৱাই হৈছে ভৱিষ্যত প্ৰজন্মৰ ওপৰত এনিমিয়াৰ আন্তঃপ্ৰজন্মৰ প্ৰভাৱ ৰোধ কৰিবলৈ যিকোনো পুষ্টিগত বিসংগতি শুধৰণি কৰাৰ সুযোগৰ সঠিক সময়৷ পোষণ মাহৰ বিভিন্ন সজাগতা সভাৰ লগতে স্বাস্থ্য বিভাগৰ সহযোগিতাত এনিমিয়া ৰোগৰ ওপৰতো সংবেদনশীলতা কাৰ্যসূচী অনুষ্ঠিত কৰি জনসাধাৰণক সজাগ কৰিব পাৰি৷ অংগনবাড়ী কেন্দ্ৰসমূহত উপলব্ধ উন্নত প্ৰযুক্তিগত বৃদ্ধি নিৰীক্ষণ আহিলাৰ (Growth Monitoring Device) জৰিয়তে জন্মৰপৰা ছবছৰ পৰ্যন্ত শিশুসকলৰ ওজন আৰু উচ্চতাৰ জোখ লোৱাটো অতি গুৰুত্বপূৰ্ণ৷ কাৰণ ইয়াৰ জৰিয়তে পোষণ ট্ৰেকাৰ এপৰ সহায়ত চিকিৎসাজনিত বিসংগতিসহ অতিশয় পুষ্টিহীনতাত ভোগা শিশুসকলক আৰম্ভণিতে চিনাক্তকৰণ কৰি উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিব পৰা যায়৷ এনে শিশুসকলক মহিলা আৰু শিশু বিকাশ বিভাগৰ তৰফৰপৰা অতিৰিক্ত পৰিপূকৰ পুষ্টিকৰ আহাৰৰ যোগান ধৰা হয়৷

শিশুৰ শাৰীৰিক বৰ্ধনৰ বাবে পৰিপূৰক আহাৰৰ প্ৰয়োজন৷ এটি শিশুৰ ছমাহ সম্পূৰ্ণ হোৱাৰ পাছত দুবছৰ বয়স পৰ্যন্ত মাকৰ গাখীৰৰ উপৰঞ্চি যি আহাৰ দিয়ে, সিয়েই পৰিপূৰক আহাৰ৷ ই শিশুৰ বয়স অনুপাতে প্ৰয়োজনীয় অতিৰিক্ত পুষ্টিৰ যোগান ধৰে৷ পৰিপূৰক আহাৰত এনে ধৰণৰ পুষ্টি থকাটো থকাটো বাঞ্ছনীয়, যিয়ে শিশুটোৰ বিকাশত সহায় কৰে৷ পৰিপূৰক আহাৰ গ্ৰহণৰ সময়ছোৱাত শিশুৰ অপুষ্টিৰ আশংকা বেছি। সেয়ে পৰিপূৰক আহাৰৰ আৰম্ভণিৰ সময়, পুষ্টিগত গুণাগুণ, পৰিমাণ তথা পৰিসৰ সন্দৰ্ভত জনসাধাৰণক সংবেদনশীল কৰি তুলিব পাৰিলেহে শিশুৰ সুস্থ বৃদ্ধি নিশ্চিত কৰাত সহায় কৰিব। শিশুসকলৰ পুষ্টিগত দিশত সজাগতা বৃদ্ধিৰ লগতে তেওঁলোকক প্ৰাক-শৈশৱ শিক্ষা প্ৰদান কৰাটোও মহিলা আৰু শিশু বিকাশ বিভাগৰ এটি বাধ্যতামূলক কাম৷ নতুন শিক্ষানীতি-২০২০ ৰ আধাৰত অংগনবাড়ী কেন্দ্ৰলৈ অহা শিশুসকলক মূলতঃ বিভিন্ন খেল-ধেমালি আৰু কাৰ্যকলাপৰ জৰিয়তে শিক্ষাদানক গুৰুত্ব আৰোপ কৰা হৈছে। উল্লেখযোগ্য যে সমগ্ৰ দেশৰ ভিতৰত অসমতেই পোনপ্ৰথম নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত অংগনবাড়ী কৰ্মীসকলৰ বাবে শিশুৰ প্ৰাক-শৈশৱকালীন শিক্ষা আৰু যতনৰ ছমহীয়া প্ৰমাণপত্ৰযুক্ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে৷

পোষণ অভিযানৰ অধীনত ইতিমধ্যে ৰূপায়ণ হৈ থকা বিভাগীয় বিভিন্ন আঁচনিৰ সেৱাসমূহ সময় উপযোগী আৰু সম্পূৰ্ণ ডিজিটেল ব্যৱস্থাৰ মাধ্যমেৰে নিৰীক্ষণ কৰা হয়৷ পোষণ ট্ৰেকাৰ এপৰ জৰিয়তে অংগনবাড়ী কৰ্মীসকলে তেওঁলোকে প্ৰতিদিনে আগবঢ়োৱা সেৱাসমূহৰ খতিয়ান দাঙি ধৰে আৰু সকলোবোৰ তথ্য জিলা, ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত সঠিক সময়ত পাব পৰাকৈ সম্ভৱ কৰি তুলিছে৷ এইবাৰৰ পোষণ মাহতো অংগনবাড়ী কেন্দ্ৰৰ আন্তঃগাঠনি, পৰিপূৰক পুষ্টি, গৃহ পৰিদৰ্শন, হিতাধিকাৰীৰ মোবাইল আৰু আধাৰ সত্যাপন আদি তথ্যসমূহ এশ শতাংশ ভৰ্তি কৰিবৰ বাবে বিশেষ পদক্ষেপ হাতত লৈছে৷ তদুপৰি, পৰিৱেশ সুৰক্ষাৰ প্রতি থকা দায়িত্ববোধ জগাই তুলিবলৈ “মাৰ নামত এজোপা গছ” কাৰ্যসূচীৰ অধীনত প্ৰতিটো অংগনবাড়ী কেন্দ্ৰতেই ব্যাপক বৃক্ষৰোপণ কৰা হৈছে৷ বৃক্ষৰোপণ আৰু সজাগতা সভাকে আদি কৰি বিভিন্ন অনুষ্ঠান আয়োজনেৰে পৰিৱেশ সুৰক্ষাৰ সতে জনসাধাৰণক জড়িত হ’বলৈও আহ্বান জনোৱা হৈছে৷ নিৰ্ধাৰিত বিষয়বস্তুৰ বাদেও প্ৰতিখন ৰাজ্য তথা জিলাতেই নিজস্ব অভিনৱ পৰিকল্পনা প্ৰস্তুত কৰি সমাজৰপৰা পুষ্টিহীনতা হ্ৰাস কৰিবলৈ মাহযোৰা কাৰ্যসূচী ৰূপায়ণ কৰিছে৷

আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক। আজিৰ শিশুৰ হাততেই আমাৰ দেশৰ ভৱিষ্যৎ। গতিকে মহান সম্পদস্বৰূপ শিশুসকলক উপযুক্ত ৰূপত গঢ় দিয়াটো আমাৰ সকলোৰে দায়িত্ব। কেঁচা বাঁহ এটুকুৰা যেনেকৈ বিভিন্ন দিশত ভাঁজ কৰি গঢ় দিব পাৰি, তেনেকৈ শিশুসকলৰ স্বাস্থ্য, বৃদ্ধি আৰু বিকাশ ইচ্ছানুযায়ী গঢ় দিব পাৰি। সেয়ে শৈশৱৰে পৰা শিশুসকলৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়াটো অতি প্রয়োজনীয়। সমান্তৰালভাৱে মাতৃসকলৰো সুস্বাস্থ্যৰ বাবে দিহা-পৰামৰ্শ প্ৰদান কৰিব লাগে৷ কাৰণ, এগৰাকী সুস্থ মাতৃয়েহে এটি সুস্থ সন্তান জন্ম দিব পাৰে৷ গতিকে কিশোৰী কালৰে পৰাই নিজ স্বাস্থ্যৰ প্ৰতি মহিলাসকলে বিশেষভাৱে মনোযোগ দিয়া উচিত৷ প্ৰতি বছৰে ৰাষ্ট্ৰীয় পোষণ মাহে শিশু আৰু মহিলাসকলৰ সামগ্ৰিক বিকাশ তথা সুস্বাস্থ্যৰ প্ৰতি গুৰুত্ব দি আহিছে৷ ই সঁচাকৈ বৰ্তমান সময়ত এক প্ৰাসংগিক বিষয় হিচাপে চিহ্নিত হৈছে৷

(লেখক পোষণ অভিযান, চৰাইদেউৰ জিলা সমন্বয়ক৷)