পেৰিছ অলিম্পিকৰ মল্লযুঁজৰ ফাইনেলত প্ৰৱেশ  বিনেশ ফোগাটৰ

পেৰিছ অলিম্পিকৰ মল্লযুঁজৰ ফাইনেলত প্ৰৱেশ  বিনেশ ফোগাটৰ

ৰঙিলী বাৰ্ত্তাসেৱা- পেৰিছ অলিম্পিকৰ মল্লযুঁজৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় খেলুৱৈ বিনেশ ফোগাটৰ।পেৰিছ অলিম্পিকত ভাৰতীয় মল্লযুঁজাৰু বিনেশ ফোগাটে ৫০ কেজি শাখাৰ ছেমি ফাইনেল মেচত কিউবাৰ ইউছনেলিছ গুজমানক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। অলিম্পিকত মল্লযুঁজৰ ফাইনেলত উপনীত হোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ হিচাপে পৰিগণিত হৈছে বিনেশ ফোগাট ৷  ছেমি ফাইনেলত বিনেশে ইউছনেলিছ গুজমানক ৫-০ স্ক’ৰত পৰাস্ত কৰে। বিনেশে খেলৰ আৰম্ভণিৰ পৰাই কিউবাৰ প্ৰতিদ্বন্দ্বীগৰাকীৰ বিৰুদ্ধে উন্নত প্ৰদৰ্শন দাঙি ধৰি আহিছিল ৷ আৰম্ভণিৰ কেইমিনিটমানতে প্ৰতিদ্বন্দ্বী কিউবানৰ খেলুৱৈগৰাকীক অত্যধিক চাপত পেলাইছিল ৷ আজি নিশা ফাইনেলত ফোগাটে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছাৰাহ এন হিল্ডেব্ৰেণ্ডৰ সৈতে মুখামুখি হ’ব ৷ মল্লযুঁজত সাক্ষী মালিকৰ পিছত অলিম্পিকৰ পদক লাভ কৰা দ্বিতীয়গৰাকী ভাৰতীয় মহিলা মল্লযুঁজাৰু হিচাপে পৰিগণিত হ’ব বিনেশ। ইয়াৰ পূৰ্বে ফোগাটে কোৱাৰ্টাৰ ফাইনেল মেচত ইউক্ৰেইনৰ খেলুৱৈ অক্সানা লিভাচক পৰাস্ত কৰিছিল। বিনেশে ওকছানাক ৭-৫ স্ক’ৰত পৰাস্ত কৰে। খেলৰ আৰম্ভণিৰে পৰাই বিনেশক ওকছানাত আধিপত্য বিস্তাৰ কৰা দেখা গৈছিল।