পেৰিছত ৰূপৰ পদক অৰ্জন নীৰজ চোপ্ৰাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- চলিত পেৰিছ অলিম্পিকৰ বৃহস্পতিবাৰে নিশা অনুষ্ঠিত পুৰুষৰ জেভলিনত ৰূপৰ পদক লাভ কৰে ভাৰতৰ গল্ডেন বয় জেভলিন থ্র’ৱাৰ নীৰজ চোপ্ৰাই। ৮৯.৪৫ মিটাৰ থ্র’ কৰি দেশলৈ ৰূপৰ পদক কঢ়িয়াই আনে টকিঅ’ অলিম্পিকৰ স্বৰ্ণজয়ী নীৰজে। দ্বিতীয়টো প্ৰচেষ্টাত নীৰজে ৰূপৰ পদক নিশ্চিত কৰে। প্ৰথমটোৰ লগতে অন্তিম চাৰিটা প্রচেষ্টাত ফাউল থ্র’ কৰে ভাৰতৰ নীৰজে।আনহাতে পাকিস্তানৰ প্ৰতিদ্বন্দ্বী আৰ্শ্বাদে লাভ কৰে সোণৰ পদক। তেঁও ৯২. ৯৭ মিটাৰ জেভ’লিন দলিয়াই স্বৰ্ণ পদক অৰ্জন কৰে। ইফালে, ৰূপৰ পদক জয় কৰাৰ পিছতে নীৰজক অভিনন্দন জনায় ভাৰতৰ ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মু আৰু প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। ৰাষ্ট্ৰপতি মুমুৱে নীৰজ চোপ্ৰাক অভিনন্দন জনাই কয় যে ভাৰতে তেওঁক লৈ গৌৰৱান্বিত। পেৰিছ অলিম্পিকত ৰূপৰ পদক জয় আৰু ইতিহাস ৰচনা কৰাৰ বাবে নীৰজক আন্তৰিক অভিনন্দন জনাইছোঁ। তেওঁ ক্রমাগত দুখন অলিম্পিকত স্বর্ণ আৰু ৰূপৰ পদক জয় কৰা প্ৰথম ভাৰতীয় খেলুৱৈ। তেওঁৰ কৃতিত্বই আহিবলগীয়া প্রজন্মক অনুপ্রাণিত কৰিব। ইপিনে, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়েও খেলুৱৈগৰাকীৰ সফলতাত অভিনন্দন জ্ঞাপন কৰে। ‘নীৰজ চোপ্ৰা উৎকৃষ্ট ব্যক্তি। বাৰে বাৰে তেওঁ নিজৰ উজ্জ্বলতা দেখুৱাইছে। ভাৰত উৎফুল্লিত যে তেওঁ আন এখন অলিম্পিকত সফলতালৈ উভতি আহিছে। ৰূপ জয়ৰ বাবে তেওঁক অভিনন্দন। আগন্তুক সময়ত তেওঁ অগণন খেলুৱৈক তেওঁলোকৰ সপোন অনুসৰণ কৰিবলৈ আৰু আমাৰ দেশক গৌৰৱান্বিত কৰিবলৈ অনুপ্রাণিত কৰি থাকিব।’