পেৰালিম্পিকত হৰবিন্দৰ সিঙৰ স্বৰ্ণপদক অৰ্জন

পেৰালিম্পিকত হৰবিন্দৰ সিঙৰ স্বৰ্ণপদক অৰ্জন

ৰঙিলী বাৰ্ত্তাসেৱা- পেৰিছ পেৰালিম্পিকৰ পুৰুষৰ আৰ্চাৰীৰ ৰিকাৰ্ড শিতানৰ ব্যক্তিগত শাখাত সোণৰ পদক জয় কৰি হৰবিন্দৰ সিঙে ইতিহাস ৰচনা কৰিলে। হৰবিন্দৰে সোণৰ পদক  লাভ কৰি পেৰালিম্পিক অথবা অলিম্পিকৰ ইতিহাসত এই কৃতিত্ব অর্জন কৰা দেশৰ প্ৰথমগৰাকী খেলুৱৈৰূপে পৰিগণিত হয়। একেদৰে ধর্মবীৰে পুৰুষৰ ক্লাৱ থ্ৰৰ এফ ৫১ শিতানৰ ফাইনেলত ৩৪.৯২ মিটাৰলৈ দলিয়াই এছিয়ান অভিলেখ ভংগ কৰাৰ লগতে স্বর্ণ পদক হস্তগত কৰে। এই একেটা শিতানত প্ৰণৱ সুৰমাই ৩৪.৫৯ মিটাৰলৈ দলিয়াই ৰূপৰ পদক অর্জন কৰে। ইয়াৰ পূর্বে বিশ্ব চেম্পিয়ন শচীন সৰ্জেৰাও খিলাৰীয়ে পুৰুষৰ স্বটপুটৰ এফ ৪৬ শিতানত ৰূপৰ পদক লাভ কৰে। উল্লেখযোগ্য যে ভাৰতে এইবাৰৰ প্ৰতিযোগিতাত ৫টা সোণ, ৯টা ৰূপ আৰু ১০টা ব্রঞ্জ সহ ২৪টা পদক লাভ কৰি পদক তালিকাৰ ত্রয়োদশ স্থানত আছে।