পুনৰ বিদ্যুৎ মাছুল বৃদ্ধিৰ বিৰোধিতা আম আদমি পাৰ্টীৰ

Pc Manchester Evening News

পুনৰ বিদ্যুৎ মাছুল বৃদ্ধিৰ বিৰোধিতা আম আদমি পাৰ্টীৰ

গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা-   ছয়মাইলস্থিত অসম ৰাজ্যিক বিদ্যুৎ নিয়মাক আয়গৰ কাৰ্যালয়ত অধ্যক্ষ কুমাৰ সঞ্চয় কৃষ্ণৰ অধ্যক্ষতাত অনুস্থিত হোৱা বিজুলী বিল বৃদ্ধিৰ ৰাজহুৱা শুনানিত আম আদমি পাৰ্টীৰ সমন্বয়ক ডাঃ ভবেন চৌধুৰীৰ নেতৃত্বত এটি সজাতি দলে অংশগ্রহণ কৰি বিজুলী মাছুল বৃদ্ধিৰ কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰে। এই ৰাজহুৱা শুনানিত আপৰ ৰাজ্যিক ফুটিয়া সমন্বয়ক জিতুল ডেকাদেৱে এপিডিচিএল ৰ দুৰ্নীতি আৰু অপচয়ৰ বাবে হোৱা লোকচানৰ বোজা সাধাৰণ ৰাইজৰ মূৰত জাপি দিয়া কাৰ্যৰ বিৰোধিতা কৰি এপিডিডিএল ৰ লোকচান আৰু দুৰ্নীতিৰ তদন্ত কৰিবলৈ এখন আয়োগ গঠন কৰিবলৈ অনুৰোধ জনায়। আম আদমি পাৰ্টীয়ে ১০০ শতাংশ ৰাজ্য চৰকাৰৰ শ্বেয়াৰ থকা এপিডিচিএলৰ খৰচ সন্দৰ্ভত অডিট ৰিপ’ৰ্ট বিচাৰিবলৈও অধ্যক্ষ মহোদয়ক অনুৰোধ জনায়।