পুনৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে ৰাজ্যিক চলচ্চিত্ৰ বঁটা

পুনৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে ৰাজ্যিক চলচ্চিত্ৰ বঁটা

ৰঙিলী বাৰ্ত্তাসেৱা- শ্রেষ্ঠ মহিলা কণ্ঠশিল্পীক লৈ চলি থকা বিতৰ্কৰ মাজতে এইবাৰ পুনৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে ৰাজ্যিক চলচ্চিত্ৰ বঁটা।উত্থাপিত অভিযোগ অনুসৰি, সাংস্কৃতিক পৰিক্ৰমা সঞ্চালকালয়ে বঁটাৰ সৈতে আগবঢ়োৱা ৯গৰাকী শিল্পীৰ চেক বাউঞ্চ হৈছে। এই ঘটনা প্ৰথমতে পোহৰলৈ আহে সামাজিক মাধ্যমযোগে। সাংস্কৃতিক সঞ্চালকালয়ে প্ৰদান কৰা বেংক অৱ বৰোডাৰ চেকসমূহ বেংকত জমা কৰিবলৈ গৈ একাংশ বঁটাপ্ৰাপক হতাশ হ’বলগীয়া হৈছে। কিয়নো তেওঁলোকৰ চেক বাউঞ্চ হৈছে। বিষয়টোক সৰ্বপ্ৰথমে পোহৰলৈ আনে চুটি ছবি নির্মাতা অমৰদ্বীপ গগৈয়ে। সামাজিক মাধ্যমত তেওঁ কথাটো প্ৰকাশ কৰি এইক্ষেত্ৰত সাংস্কৃতিক সঞ্চালকালয়ৰ লগতে অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমক সমালোচনা কৰে। লক্ষণীয়ভাৱে এনে সমালোচনাৰ পাছতেই ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে উক্ত চেকসমূহত সাংস্কৃতিক সঞ্চালিকা মীনাক্ষি নাথে স্বাক্ষৰ কৰা বুলি প্ৰকাশ কৰে। সমগ্ৰ বিষয়টোক লৈ সৃষ্টি হয় তীব্র বিতর্ক। চলচ্চিত্ৰ বঁটা প্ৰদানৰ ক্ষেত্ৰত দেখা দিয়া একাধিক বিসংগিতৰ পাছত পুনৰ শিল্পীসকলক দিয়া চেক বাউঞ্চ হোৱা ঘটনাই স্বাভাৱিকতে চলচ্চিত্রপ্রেমীৰ লগতে শিল্পী, কলা-কুশলীসকলক যথেষ্ট পৰিমাণে ব্যথিত কৰি তুলিছে। ইফালে, ঘটনাক লৈ সৃষ্টি হোৱা এনে প্ৰতিক্ৰিয়াৰ মাজতে আজি সাংস্কৃতিক মন্ত্রী বিমল বড়াই কাৰ ভুলৰ বাবে চেক বাউঞ্চ হৈছে, সেই বিষয়টো তদন্ত কৰিবলৈ সাংস্কৃতিক বিভাগৰ সচিব লয়া মাদুৰীক দায়িত্ব অর্পণ কৰিছে । এক নিৰ্দেশযোগে প্ৰদান কৰা এই দায়িত্বত তিনি দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে।