পুনৰবাৰ অসম বেডমিণ্টন সন্থাৰ সভাপতিৰূপে নিৰ্বাচিত ড° হিমন্ত বিশ্ব শর্মা

Pc OpIndia

পুনৰবাৰ অসম বেডমিণ্টন সন্থাৰ সভাপতিৰূপে নিৰ্বাচিত ড° হিমন্ত বিশ্ব শর্মা

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ মুখ্যমন্ত্রী তথা ভাৰতীয় বেডমিন্টন সন্থাৰ সভাপতি ড° হিমন্ত বিশ্ব শর্মা সর্বসন্মতিমর্মে পুনৰবাৰ অসম বেডমিন্টন সন্থাৰ সভাপতিৰূপে নির্বাচিত হৈছে। দেওবাৰে গুৱাহাটীত অনুষ্ঠিত অসম বেডমিন্টন সন্থাৰ বাৰ্ষিক সাধাৰণ সভাত সন্থাটোৰ নতুন কাৰ্যনিৰ্বাহক কমিটীখন গঠন কৰা হয়। সেই অনুসৰি, ওমৰ ৰছিদক পুনৰ সম্পাদক হিচাপে মনোনীত কৰাৰ লগতে গৌতম মহন্তক আকৌ এবাৰ কোষাধ্যক্ষ হিচাপে সভাই নির্বাচিত কৰে। ইফালে, তুলিৰাম ৰংহাং কাৰ্যকৰী সভাপতি; শীর্ষ আইপিএছ বিষয়া পাৰ্থ সাৰথি মহন্ত, জ্যেষ্ঠ উপ- সভাপতি তথা প্রাক্তন খেলুৱৈ মল্লিকা বৰুৱা শৰ্মা উপদেষ্টাৰূপে থকা কমিটীখনৰ নিৰ্বাচিত ১০ গৰাকী উপ-সভাপতি হ’ল- তৰংগ গগৈ, প্রদীপ কুমাৰ হাজৰিকা, এল হেমন্ত সিং, বদন চন্দ্ৰ বৰা, বিনিত গগৈ, ঋতুবৰণ শৰ্মা, ইফতিকাৰ আলী, পুৰঞ্জয় শৰ্মা, প্ৰণৱজ্যোতি গগৈ আৰু অমিতাভ দে’। আনহাতে দিগন্ত বুঢ়াগোহাঁই, নবৰ’জি মনোৱাৰ, নৱজ্যোতি বৰা, ঋতুৰাজ চেতিয়া আৰু হেমন্ত কুমাৰ দাস যুটীয়া সম্পাদক হিচাপে নির্বাচিত হোৱাৰ বিপৰীতে নতুন কমিটীৰ ৫ সহঃ সম্পাদক হ’ল- অভিজিত বৰুৱা, বিদ্যুৎ বিকাশ দেউৰী, ইমটিয়াজুৰ ৰহমান, ময়ূৰ বৰা আৰু অনিল দাস। উপেন চক্রবর্তীক কার্যালয় সম্পাদক হিচাপে দায়িত্ব দিয়া সন্থাটোৰ ১০গৰাকী নৱনিৰ্বাচিত কাৰ্যনিৰ্বাহক সদস্য হ’ল- বসন্ত ডেকা, মাধৱ বৰা, মুক্তাৰ হুছেইন, বিক্রম সিন্‌হা, ভূপেন ফুকন, চন্দন মেধি, বিকাশ পাঠক, অনিমেশ চন্দ্ৰ, ময়দুল ইছলাম বৰা আৰু ৰাজ কুমাৰ কলিতা