পাৰ হৈ অহা গধূলি
মানসী মিশ্ৰ
সৌ পাৰ হৈ যোৱা গধূলি
মই অকলশৰে বহি ৰৈছিলোঁ
চিনাকি পদূলিটোত
গাত দীঘলীয়া জ্বৰৰ কঁপনি
দুচকু মোৰ সেমেকি উঠিছিল
যেন কোনোবাখিনিত কণ্ঠৰুদ্ধ
পঠিকৰ দৰে ৰৈছিলোঁ মই
আপোন ঘৰখনৰ সুবাস বিচাৰি
মনটো উৰি যাব খুজিছিল
মনটোৱে এক হ’ব বিচাৰিছিল
নীড়মুখী পখীৰ জাকটোৰ সতে
এৰা, সেই পাৰ হোৱা গধূলিবেলা
ভাগৰুৱা শৰীৰটো একাকাৰ আছিল
মোৰ সেই ভাগৰুৱা মনটোৰ সতে
উভতি যাব খোজে মনটোৱে
এৰি অহা মৰম বিচাৰি
স্মৃতিৰ বোকোচাত লীণ হ’ব খোজা
মনটোক আজি ধৰিলোঁ মৰমেৰে সাৱটি