পাৰ্থত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ ঐতিহাসিক জয়

পাৰ্থত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ ঐতিহাসিক জয়

ৰঙিলী বাৰ্ত্তাসেৱা-  পাৰ্থত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন খেলত ভাৰতীয় দলটোৱে জয়লাভ কৰে। অষ্ট্ৰেলিয়াক ২৯৫ ৰানত পৰাস্ত কৰে ভাৰতীয় দলটোৱে । অষ্ট্ৰেলিয়াৰ আগত ভাৰতে ৫৩৪ ৰানৰ লক্ষ্য নির্ধাৰণ কৰিছিল। লক্ষ্য অনুসৰণ কৰিব আহি কেংগাৰু দলটোৱে ২৩৮ ৰান সংগ্ৰহ কৰি অল আউট হয়।ভাৰতৰ হৈ যশপ্রীত বুমৰাহ আৰু মহম্মদ ছিৰাজে ৩টাকৈ উইকেট দখল কৰে। ইফালে ভাৰতৰ হৈ দ্বিতীয় ইনিংছত সৰ্বাধিক ৰান সংগ্ৰহ কৰে যশস্বী জয়ছোৱালে। জয়ছোৱালে ১৫টা চাৰি আৰু ৩টা ছয়ৰ সহায়ত ১৬১ ৰান সংগ্ৰহ কৰে। ইফালে বিৰাট কোহলিয়ে ৮টা চাৰি আৰু ২টা ছয়ৰ সহায়ত অপৰাজিত শতক অর্জন কৰে। আনহাতে কে এল ৰাহুলে ৫টা চাৰিৰ সহায়ত ৭৭ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলিছিল। জয়ছোৱাল, কোহলি আৰু ৰাহুলৰ উজ্জ্বল ইনিংছৰ বাবেই টীম ইণ্ডিয়াই দ্বিতীয় ইনিংছত ব’ৰ্ডত ৪৮৭ ৰানৰ বিশাল স্ক’ৰ কৰি অষ্ট্ৰেলিয়াৰ আগত ৰানৰ পাহাৰ থিয় কৰায়। উল্লেখ্য যে ভাৰতে প্রথম ইনিংছত মাত্র ১৫০ ৰানত অল আউট হয়। পিছে ভাৰতীয় পেচ আক্ৰমণত ঘৰুৱা দলটো মাত্র ১০৪ ৰানত অল আউট হোৱাৰ সূত্রে ভাৰতে ৪৬ ৰানৰ অগ্রগতি লাভ কৰে আৰু অষ্ট্ৰেলিয়াৰ সন্মুখত ৫৩৪ ৰানৰ বিজয় লক্ষ্য বান্ধি দিয়ে। ৰোহিত শৰ্মাৰ অনুপস্থিতিত ভাৰতীয় দলৰ অধিনায়কৰ দায়িত্ব বহন কৰা যশপ্রীত বুমৰাহে খেলখনত ৮টা উইকেট দখল কৰে, যাৰ বাবে তেওঁক খেলৰ শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ প্ৰদান কৰা হয়। বুমৰাহে প্রথম ইনিংছত ৫টা দ্বিতীয় ইনিংছত ৩টা উইকেট দখল কৰে।