পাহৰিব নোৱাৰা এটি স্মৃতি – মৰমী আহমেদ

PC - Adobe Stock
পাহৰিব নোৱাৰা এটি স্মৃতি 
        মৰমী আহমেদ, নলবাৰী
   
    পাহৰি যোৱা তুমি সেইবোৰ স্মৃতি
যিয়েই তোমাৰ অনুভৱক
জাঁৱৰৰ দম কৰি
পুৰি ছাই কৰি থৈ গ’ল
সানি থৈ গ’ল মনত
এসোপা কলা ছাইৰে
তোমাৰ পৱিত্ৰ অনুভূতিত
নিৰ্মল হৃদয়ত ধোঁৱা বিলাই
কাৰোবাৰ ওচৰত নিজকে
স্ফটিক ব্যক্তিত্বৰ চিনাকি দিয়া
সেই নিবোকা অনুভৱী হিয়াৰ
পাত্ৰী তুমি নহবা ,
মচি পেলোৱা তুমি
ভদ্ৰতাৰ বৰণ সনা
আকৰ্ষণীয় মুখখনিৰ
স্থিৰ অনুভৱৰ চিত্ৰ শৈলী,
আকৌ এবাৰ নতুন অনুভবেৰে খোজ পেলাই
তোমাক বিচাৰি ফুৰা
নিকা, বিশ্বাস আৰু আস্থাৰে
জিলিকি থকা এখনি
পৱিত্ৰ হৃদ়য়ত লোৱা বাস আৰু
নকৈ বিলাই দিয়া তুমি মৰমৰ সুবাস
পাহৰি যোৱা সেই স্মৃতি
অতীতৰ এটি মৃত কাহিনী বুলি
আছে যে ৰৈ তোমাৰ সন্মুখত
বহু আশানুভূতি।