পাহৰিব নোৱাৰা এক ভ্ৰমণ কাহিনী – ইমৰাণ আলী

PC- The Third Pole

পাহৰিব নোৱাৰা এক ভ্ৰমণ কাহিনী

 ইমৰাণ আলী, দৰং

ইংৰাজী ২০১৮ চনৰ মে’ মাহৰ ১৫ তাৰিখে মোৰ বন্ধু আশিষ, উত্তম সাহা,পিনাক আৰু মই বিশেষ কামত যোৰহাটলৈ গৈছিলোঁ ।পিছদিনা উভতনি যাত্ৰাত কাজিৰঙা পাওঁতে ৰাতি হৈছিল । ঘোপমাৰা আন্ধাৰত গাড়ীৰ চলাচলো কম আছিল । আমাৰ বাইকখন আন্ধাৰ আৰু নিৰৱতা ভেদি ঘাইপথৰ মাজেৰে লাহে লাহে গৈ আছিলোঁ । কাজিৰঙা অভয়াৰণ্যৰ মাজেৰে ৩৭ নং ঘাইপথ পাৰ হৈ গৈছে ।এই ঘাইপথতে সৰ্বাধিক ঘনত্বৰে ঢেঁকীয়াপতীয়া বাঘ, হাতী,ম’হ,গড়ৰ অহা যোৱা চলি থাকে । মনত এক অজান শংকা লৈ কাজিৰঙাৰ মাজেদি ঘৰমুখী যাত্ৰা কৰি আহি থাকোতে মনত বহু দূঃচিন্তাই আমনি কৰি থাকিল ।সেই ৰাতি আকাশ ডাবৰে আৱৰি থকা বাবে যথেষ্ট অন্ধকাৰ আছিল । আমি ভয় আৰু শংকাৰ মাজেদি আহি থাকোঁতে হটাৎ টৰ্চ লাইটৰে পোহৰৰে আমাক ৰবলৈ ইংগিত লগৰজনে বেলেগ ভাৱিছিল যদিও নিৰ্জন ঠাইত সম্ভৱত বন বিভাগৰে মানুহ হৱ বুলি মই বাইকখন ৰখাই দিছিলোঁ ।মানুহ জনে নিৰ্দিষ্ট দূৰত্বৰ পৰা বাইকৰ লাইট অফ কৰি মনে মনে থাকিব দিছিল ।সেইসময়ত আমাৰ পিছফালৰ পৰা ট্ৰাক এখনো আহি ৰখি দিলে । ট্ৰাকৰ লাইটৰ কিঞ্চিৎ পোহৰত আমাৰ নিচেই ওচৰত ৰাস্তাত হাতীৰ জাক এটা দেখা পালোঁ ।জীৱনত এনেকুৱা পৰিস্থিতিৰ কাহানিও সন্মুখীন হৈ পোৱা নাছিলোঁ। আমাৰ গাৰ নোম থিয় হৈ গৈছিল । চকুৰ সন্মুখত মৃত্যু দেখা পাইছিলো।আমি দুয়ো কোনোমতে বাইকৰ পৰা নামি ট্ৰাকৰ তলত সোমাই গৈছিলোঁ ।ঘোপমাৰা অন্ধকাৰত ওচৰে পাজৰে কেবল হাতীৰ চলাচলৰ শব্দই অনুভৱ কৰিছিলোঁ । এনেকুৱা শব্দ প্ৰায় আধাঘন্টা পিছত অৰন্যৰ মাজত বিলীন হৈ গৈছিল ।আমি দুয়ো ঘামি অস্বিৰ হৈ গৈছিলোঁ । অৰণ্যৰ ওচৰ চুবুৰীয়াৰ এয়া সাধাৰণ বিষয় যদিও আমাৰ বাবে এক শ্ৰাসৰদ্ধকাৰী ঘটনা ।