পায়েল বাজে
ছেলিমা বেগম, নগাঁও
পায়েল বাজে ৰুণ জুন কৈ ,
মন মোৰ মুগ্ধ কৰে সেই শব্দই ।
মন মোৰ উৰণীয়া ঘোঁৰা হৈ উৰি ফুৰে
প্ৰেয়সী ৰ কাষলৈ অলপ কিবাকিবি কবলৈ।
প্ৰিয়তমাৰ পায়েলৰ ঝঙ্কাৰ বাজে ৰুণ জুন
মনৰ ভিতৰত জাগে ক’ত যেন গান।
কাজল হৈ তোমাৰ চকুত থাকিম
তোমাৰ ভৰিৰ পায়েল হৈ হৃদয়ত থাকিম।
মই যে তোমাৰ, তুমি যে মোৰ
তুমি বাৰু জানা নে ?
হে প্ৰিয়তমা! তোমাৰ ভৰিৰ পায়েল
বাজে ৰুণ জুন মন মোৰ মতলীয়া
হৈ বাজে সদায় কাণত।
চন্দ মিলি সুৰ বাজে হৃদয়ৰ কোঠাত
আহ: কি যেন ৰূপ লাৱণ্য তোমাৰ!
তোমাৰ পায়েলৰ শব্দ টোপনি ভাঙি
যা মাজ নিশা , কি যাদু কৰিলে মোকে ?
মই নিজকে হেৰুৱাই পেলায় আকৌ
বিচাৰি পাওঁ তোমাৰ
পায়েলৰ ঝঙ্কাৰৰ মাজত।
পাগল হৈ নাচিবলৈ মন যা
তোমাৰ পায়েলৰ শব্দৰ
তালে তালে তাল মিলাই।