অনলাইন বাৰ্ত্তাসেৱা – পানীখাইতিস্থিত অসম ডাউন টাউন বিশ্ববিদ্যালয় চৌহদত ৰাষ্ট্ৰীয় চিকিৎসা দিৱস পালন কৰা হয়৷ অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ এইচ.আৰ. বিভাগে চিকিৎসকসকলৰ ত্যাগ আৰু অৱদানক স্বীকাৰ কৰি ৰাষ্ট্ৰীয় চিকিৎসা দিৱস উপলক্ষে বিশ্ববিদ্যালয়ৰ ৬ গৰাকী চিকিৎসকক গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে বিভিন্ন খাদ্য ব্যঞ্জনেৰে আপ্যায়ন কৰে। এইসকল চিকিৎসকে কেৱল মাত্র বিশ্ববিদ্যালয় চৌহদতে বা চিকিৎসালয়ত চিকিৎসা প্রদানত ব্যস্ত নাথাকি ওচৰ চুবুৰীয়া সকলোকে বিনামূলীয়াকৈ চিকিৎসা প্রদান কৰি আহিছে। চিকিৎসকসকলৰ এনে অৱদানক বিশ্ববিদ্যালয়ৰ উপাচার্য ডাঃ এন.চি. তালুকদাৰ, অতিৰিক্ত পঞ্জীয়ক অসীমজ্যোতি বর্মনে ধন্যবাদ জ্ঞাপন কৰে।
(UD.)