পানবজাৰৰ দানিছ পথৰ পদপথত খোৱা পানীৰ সমস্যাত ভুগিছে স্থানীয় বাসিন্দাঃনিৰ্বিকাৰ বিভাগীয় কৰ্তৃপক্ষ

pc MYNewsNE

পানবজাৰৰ দানিছ পথৰ পদপথত খোৱা পানীৰ সমস্যাত ভুগিছে স্থানীয় বাসিন্দাঃনিৰ্বিকাৰ বিভাগীয় কৰ্তৃপক্ষ

ৰঙিলী বাৰ্ত্তাসেৱা-  মহানগৰীৰ পানবজাৰৰ দানিছ উপপথৰ পদপথৰ নলা নতুনকৈ নিৰ্মাণ কৰিবলৈ লোৱাৰ ফলত পানীৰ পাম্পৰ পৰা অহা পানীৰ লাইনটো বন্ধ হোৱাত আৰক্ষীৰ আবাসৰ বাসিন্দাৰ লগতে অঞ্চলটোৰ স্হানীয় ৰাইজে সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে৷অঞ্চলটোৰ স্থানীয় ৰাইজৰ অভিযোগ মৰ্মে উক্ত পথটোৰ নলাৰ কাম কৰাৰ সময়ত পানীৰ পাইপ ভঙাৰ ফলত এই অঞ্চলৰ ৰাইজে পানী যোগানৰ পৰা আজি ১৭ দিন ধৰি বঞ্চিত হৈ আহিছে৷যাৰ বাবে প্ৰতিজন পৰিয়ালৰ বাসিন্দাই জীয়াতু ভুগিবলগীয়া হৈছে৷এই সমস্যা সন্দৰ্ভত গুৱাহাটী পৌৰ নিগম,গড়কাপ্টানী বিভাগ,ঠিকাদাৰ,স্থানীয় পাৰিষদক অৱগত কৰাৰ পাছটো আজিপৰ্যন্ত কোনো ব্যৱস্থা হাতত লোৱা নাই৷ যাৰ বাবে প্ৰতিদিনে অধিক মূল্য ভৰি পানী ক্ৰয় কৰাৰ লগতে আবাসীসকলে কষ্ট কৰিবলগীয়া হৈছে৷ সচেতন ৰাইজে অতিশীঘ্ৰে উক্ত সমস্যাটো সমাধান কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী উত্থাপন কৰিছে৷