পাকিস্তানৰ গোলাবর্ষণত নিহত ভাৰতীয় জোৱান

পাকিস্তানৰ গোলাবর্ষণত নিহত ভাৰতীয় জোৱান

ৰঙিলী বাৰ্ত্তাসেৱা-  পাকিস্তানৰ গোলাবর্ষণত নিহত ভাৰতীয় জোৱান দীনেশ কুমাৰ শৰ্মা। জম্মু- কাশ্মীৰৰ পুঞ্চ জিলাত নিয়ন্ত্ৰণ ৰেখাৰ কাষত পাকিস্তান সেনাই সীমা অতিক্ৰম কৰি কৰা গোলাবর্ষণত নিহত হয় লেন্স নায়ক দীনেশ কুমাৰ শৰ্মা নামৰ এজন ভাৰতীয় জোৱান। গভীৰ নিশা সংঘটিত হোৱা এই গোলাবর্ষণ দুয়ো দেশৰ সেনাৰ মাজত চলি থকা শত্রুতাৰ অংশ। হাৰিয়ানাৰ মহম্মদপুৰ গাঁৱৰ ৩২ বছৰীয়া জোৱান দীনেশ কুমাৰ শৰ্মাই মৃত্যুৰ সময়ত ৫ ফিল্ড ৰেজিমেণ্টত কৰ্মৰত আছিল। এল অ’ চিৰ কাষত ক্রমাৎ উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে এই কাণ্ড সংঘটিত হৈছে, দুয়োখন ৰাষ্ট্ৰই ধাৰাবাহিকভাৱে প্ৰতিশোধমূলক গোলাবর্ষণ কৰি আছে। ২০১৪ চনত ভাৰতীয় সেনাবাহিনীত যোগদান কৰা দীনেশ কুমাৰ শৰ্মাক অলপতে লেন্স নায়ক পদলৈ উন্নীত কৰা হয়। তেওঁৰ শ্বহীদত ব্যাপক শোক প্রকাশ কৰিছে, ভাৰতীয় সেনাই তেওঁৰ বীৰত্ব আৰু নিষ্ঠাক শ্রদ্ধাঞ্জলি জনাইছে।