পাকিস্তানেৰে যুদ্ধবিৰতিত তৃতীয় পক্ষ নাইঃপ্ৰধানমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- সন্ত্রাসবাদৰ পৃষ্ঠপোষক চিৰবৈৰী ৰাষ্ট্ৰ পাকিস্তানৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণেৰে আক্রমণাত্মক হৈ পৰা ভাৰতে যুদ্ধবিৰতিৰ সিদ্ধান্তত সহমত প্ৰকাশ কৰা সন্দৰ্ভত প্ৰথমবাৰলৈ মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সীমাৰ সিপাৰৰ পৰা ভাৰত ভূমিত অস্থিৰতা সৃষ্টিৰ অহৰহ কুটিল ষড়যন্ত্র ৰচনা কৰি অহা পাকিস্তানী সন্ত্রাসবাদীৰ ঘাটি মাটিত মিহলাই দিয়া ভাৰতীয় সেনা বাহিনীৰ সফল অভিযান ‘অপাৰেচন সিন্দূৰ’ৰ প্ৰসংগত প্রধানমন্ত্রী মোদীয়ে কয় যে পাকিস্তানৰে যুদ্ধবিৰতিৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত তৃতীয় পক্ষৰ কোনোধৰণৰ হস্তক্ষেপ নাছিল। কেৱল পাকিস্তানৰ অনুৰোধ ক্ৰমেহে যুদ্ধবিৰতিৰ সিদ্ধান্ত লোৱা হয়। মন কৰিবলগীয়া যে যোৱা ২২ এপ্রিলত মিনি ছুইজাৰলেণ্ডখ্যাত পেহেলগামত ধৰ্মৰ ভিত্তিত পাকিস্তানী সন্ত্রাসবাদীয়ে নিৰীহ পর্যটকসকলক হত্যা কৰিছিল। ইয়াৰ পিছতে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ ভূমিত থকা সন্ত্রাসবাদীৰ ঘাটিত ভাৰতীয় সেনাই প্রত্যাক্রমণ চলায়। দুয়োখন ৰাষ্ট্ৰৰ মাজত কাৰ্যতঃ যুদ্ধৰ দামামা বাজি উঠাৰ সময়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে এইক্ষেত্ৰত মধ্যস্থতা কৰা বুলি দাবী কৰিছিল। তাৰ বিপৰীতে প্রধানমন্ত্রী মোদীয়ে যুদ্ধবিৰতি সম্পৰ্কত কৰা উক্ত মন্তব্য যথেষ্ট তাৎপর্যপূর্ণ ৰূপে বিবেচিত হৈছে। উল্লেখ্য যে সুশাসনৰ লক্ষ্য নির্ধাৰণকল্পে নতুন দিল্লীত প্রধানমন্ত্রী মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হয় বিজেপি নেতৃত্বাধীন মিত্রজোঁট এনডিএশাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্রী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা স্বাস্থ্যমন্ত্রী জে পি নাড্ডাৰ উপস্থিতিত অনুষ্ঠিত বৈঠকখনত স্বাভাৱিকতে স্থান লাভকৰে ‘অপাৰেচন সিন্দূৰ’ৰ প্ৰসংগই। বিশেষকৈ ‘অপাৰেচন সিন্দূৰ’ক কেন্দ্ৰ কৰি বিজেপিৰ একাংশ নেতাই কৰা অবান্তৰ-বিতর্কিত মন্তব্যই বিজেপিক একপ্ৰকাৰ শ’লঠেকত পেলোৱা বিষয়টোক প্রধানমন্ত্রী মোদীয়ে গুৰুত্বসহকাৰে গ্ৰহণ কৰাটো এই বৈঠকখনত স্পষ্ট হৈ পৰে। প্রধানমন্ত্রী মোদীৰ স্পষ্ট বার্তা- ‘অপাৰেচন সিন্দূৰ’ৰ বিষয়ত কোনো যাতে অবান্তৰ-বিতর্কিত মন্তব্য নকৰে। বিজেপিৰ এক শীর্ষস্থানীয় সূত্রই সদৰী কৰা অনুসৰি দলৰ ইজনৰ পিছত সিজন নেতাই ‘অপাৰেচন সিন্দূৰ’ সন্দৰ্ভত কৰা বিতর্কিত মন্তব্যৰ বাবে প্রধানমন্ত্রী মোদীয়ে এই বৈঠকখনত উদ্বিগ্নতা ব্যক্ত কৰে। ভৱিষ্যতে যাতে এনেধৰণৰ মন্তব্য কৰাৰ পৰা সকলোৱে বিৰত থাকে তাৰ বাবে তেওঁ এনডিএৰ সকলো নেতালৈ আহ্বান জনায়। সমান্তৰালভাৱে দলীয় পর্যায়ত যাতে অধিক সমন্বয় আৰু যোগাযোগ গঢ়ি তুলিব পাৰি তাৰ ওপৰতো প্রধানমন্ত্রী মোদীয়ে গুৰুত্ব আৰোপ কৰে।