পাঁচ সমষ্টিৰ বহুচৰ্চিত উপ-নিৰ্বাচনৰ ভোটগ্রহণ সম্পন্ন

Pc The Economic Times

পাঁচ সমষ্টিৰ বহুচৰ্চিত উপ-নিৰ্বাচনৰ ভোটগ্রহণ সম্পন্ন

ৰঙিলী বাৰ্ত্তাসেৱা-  সামৰণি পৰিল ৰাজ্যৰ ৫ বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ ভোটগ্রহণ। বিহালী, বঙাইগাঁও, চিদলী আৰু ধলাইত শান্তিপূর্ণভাৱে ভোটগ্রহণ প্রক্রিয়া সম্পূৰ্ণ হোৱাৰ বিপৰীতে নিৰ্বাচনৰ দিনাও চামগুৰিত অব্যাহত থাকে হিংসা। ভোটগ্রহণৰ দিনটোত চামগুৰি সমষ্টিত মাৰপিটকে ধৰি কেইবাটাও বিক্ষিপ্ত ঘটনা সংঘটিত হয়।  পুৱা ৭ বজাৰ পৰা প্ৰতিটো সমষ্টিতে আৰম্ভ হোৱা ভোটগ্রহণ প্রক্রিয়াৰ বিয়লি ৫ বজাত সামৰণি পৰে। প্ৰতিটো সমষ্টিৰে ভোটগ্রহণ কেন্দ্রসমূহত পুৱাৰে পৰা ভোটদাতা ৰাইজে ভোটাধিকাৰ সাব্যস্ত কৰে। নির্বাচন আয়োগে জনোৱা অনুসৰিবিয়লি ৫ বজা পর্যন্ত ৰাজ্যখনত ভোটদানৰ গড় হাৰ ৭২.৮৩ শতাংশ। চিদলী সমষ্টিত ৭১.৫০ শতাংশ, চামগুৰি সমষ্টিত ৭৮.১০ শতাংশ, বঙাইগাঁও সমষ্টিত ৬৯.০৮ শতাংশ, ধলাই সমষ্টিত ৭২.৪০ শতাংশ আৰু বিহালী সমষ্টিত ৭৩.৭০ শতাংশ।  ৫ বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ ভোটগ্রহণ প্রক্রিয়া সম্পন্ন হোৱাৰ লগে লগে নির্বাচনী ৰণত অৱতীৰ্ণ হোৱা ৩৪গৰাকী প্ৰাৰ্থীৰ ভাগ্য ইভিএমত বন্দী হয়। ইভিএমত ভাগ্য বন্দী হোৱা বিভিন্ন দলৰ ৰথী- মহাৰথীসকল হৈছে- সাংসদ ফণীভূষণ চৌধুৰীৰ পত্নী দীপ্তিময়ী চৌধুৰী, সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইন, কংগ্ৰেছৰ ব্ৰজেনজিৎ সিংহ, বিজেপিৰ দিপ্লুৰঞ্জন শৰ্মা, বিজেপিৰ দিগন্ত ঘাটোৱাল, কংগ্ৰেছৰ জয়ন্ত বৰা, বিজেপিৰ নিহাৰৰঞ্জন দাস, কংগ্ৰেছৰ ধ্ৰুৱজ্যোতি পুৰকায়স্থ, ইউপিপিএলৰ নিৰ্মল ব্রহ্ম, বিপিএফৰ শুদ্ধ বসুমতাৰী আৰু কংগ্ৰেছৰ সঞ্জীৱ ৱাৰী। এই ৰথী-মহাৰথীসকলৰ কাৰ কাৰ ভাগ্য উদয় হয়, তাৰ বাবে অহা ২৩ নৱেম্বৰৰ ভোটগণনাৰ দিনটোলৈ অপেক্ষা কৰিব লাগিব।