পহিলা জানুৱাৰীৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে পঞ্চদশ বাৰ্ষিক চানডুবি উৎসৱ
মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ উল্লেখনীয় পর্যটন ক্ষেত্র তথা ৯খন প্রধান বিলৰ ভিতৰত চানডুবি বিল অন্যতম । কামৰূপ জিলাৰ পলাশবাৰী বিধান সভা সমষ্টিৰ অসম- মেঘালয় সীমান্তৰ ৰাজাপাৰাত ১৮৯৭ চনৰ প্ৰবল ভূমিকম্পৰ ফলত সৃষ্টি হৈছিল এই বিলখন ৷ চাৰিওফালে ঘন সেউজীয়া অৰণ্য তথা পাহাৰৰ মাজত অৱস্থিত বিলখনৰ জৈৱ-বৈচিত্র্য দেশৰ আন বিল সমূহতকৈ সম্পূৰ্ণ পৃথক। বছৰৰ প্ৰতিটো দিনৰ উপৰি শীতৰ আগমনৰ নৈসৰ্গিক শোভা উপভোগৰ বাবে ঢাপলি মেলে হাজাৰ হাজাৰ দেশী-বিদেশী প্রকৃতিপ্রেমী তথা পর্যটক। কিন্তু প্ৰচুৰ পৰ্যটনৰ সম্ভাৱনা থকা সত্ত্বেও বিভিন্ন কাৰণত চানডুবিৰ পূৰ্বৰ গৰিমা ম্লান হ’বলৈ ধৰা পৰিলক্ষিত হৈছে । তেনে এক অশনি সংকেত বহন কৰা সন্ধিক্ষণত বিলখনৰ স্বকীয় জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ প্ৰয়াসেৰে স্থানীয় বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাকে ধৰি কেইবাটাও ৰাভা জাতীয় সংগঠনে স্থানীয় ৰাইজৰ সহযোগত ক্ষেত্ৰখনত বিগত কেইবছৰমানৰ পৰা চানডুবি উৎসৱৰ আয়োজন কৰি আহিছে। বিশেষকৈ অসমীয়া জাতীয় বহনকাৰী বৰ্ণাঢ্য জীৱনশৈলী, খাদ্যাভ্যাস তথা বৰ্ণময় লোককৃষ্টিৰ লগতে ক্ৰীড়াৰ সমাহাৰ ঘটাই চানডুবিক এক অন্যতম পর্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ হেতু প্ৰচাৰ আৰু প্ৰসাৰৰ ধাৰা অব্যাহত ৰাখিছে। তদুপৰি ইয়াৰ অংশৰূপে পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবেও বিভিন্ন আলোচনা চক্ৰ আদি অনুষ্ঠিত কৰি আহিছে। ইয়াৰ সমান্তৰালভাৱে এইবেলিও ২০২৫ বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা পঞ্চদশ বাৰ্ষিক চানডুবি উৎসৱটি পাঁচদিনীয়া কাৰ্যসূচীৰে উদযাপনৰ দিহা কৰিছে উৎসৱ উদযাপন সমিতিয়ে ৷ বিশেষকৈ বাঁহ বেত,খেৰ নাৰা আদিৰে বিভিন্ন আৰ্হিত গৃহ তথা মঞ্চকে ধৰি নানান শিল্প কৰ্মৰে আকৰ্ষণীয় ৰূপত সজাই তুলিছে চানডুবিৰ পাৰৰ মনোৰম উপত্যকা ৷ তদুপৰি পহিলা জানুৱাৰীৰ দিনা পুৱা উদযাপন সমিতিৰ সভাপতি বিচিত্ৰ ৰাভাৰ পতাকা উত্তোলনেৰে বৰ্ণাঢ্য কাৰ্যসূচীৰ শুভাৰম্ভণি হ’ব ৷ ইফালে উৎসৱস্থলীৰ মূল তোৰণ ‘চানডুবি দেৰা’ আনুষ্ঠানিকভাবে মুকলি কৰিব ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই । আনহাতে, প্রদর্শনস্থলী ‘লাঙাবুৰা’ মুকলি কৰিব বিশিষ্ট সমাজকৰ্মী মনোজ ৰাভাই । থলুৱা খেল ধেমালি সমাজকৰ্মী দিগন্ত মেধি টেৰণে শুভাৰম্ভ কৰাৰ লগতে অতিথিশালা ‘ডগৰবুৰা’ ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ উপাধ্যক্ষ ৰমাকান্ত ৰাভাই মুকলি কৰিব ৷ ইফালে ’ চান্দ সদাগৰ সোঁৱৰণী মঞ্চ’ উদ্বোধন কৰিব বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য হিমাংশু শেখৰ বৈশ্যই । ইয়াৰ সমান্তৰালভাৱে থলুৱা খাদ্য মেলাৰ দ্বাৰ বন বিষয়া কংকণজ্যোতি কৌশিক আৰু বন বিষয়া নয়নজ্যোতি দাসে বানিজ্য মেলাৰ দ্বাৰ মুকলি কৰিব ৷ আনহাতে, উৎসৱৰ স’তে সংগতি ৰাখি প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্রন্থ ‘লকেয়া’ উন্মোচন কৰা হ’ব । উল্লেখ্য যে – উক্ত উৎসৱৰ প্ৰথম দিনাৰ অনুষ্ঠানৰ কাৰ্যসূচীত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৷ ঠিক তেনেদৰে প্রতিদিনৰ সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচীত নৃগোষ্ঠীয় বৰ্ণিল কলাকৃতি প্ৰদৰ্শনৰ উপৰি পৰম্পৰাগত খুটি খেল, লেৱা টনা প্রতিযোগিতা আদিও অনুষ্ঠিত কৰা হ’ব। উল্লেখনীয় যে – উক্ত উৎসৱত প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্টৰ পৰিচালন সঞ্চালিকা ৰিণিকি ভুঞা শৰ্মা উপস্থিত থাকিব বুলিও জানিবলৈ দিছে উদ্যোক্তা সকলে ৷ আনহাতে , ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত গুৰুত্বপূৰ্ণ আলোচনা-চক্র,কবি সন্মিলন আদিও অনুষ্ঠিত কৰা হ’ব। সেয়ে উৎসৱৰ সমূহ কাৰ্যসূচীত প্রকৃতিপ্রেমী ৰাইজক উপস্থিত থাকি সহায়-সহযোগিতা আগবঢ়োৱাৰ বাবে বিনম্র অনুৰোধ জনাইছে উদ্যাপন সমিতিয়ে ৷