পশ্চিম বংগ চৰকাৰে গৃহীত কৰিলে ‘অপৰাজিতা মহিলা আৰু শিশু বিধেয়ক- ২০২৪’
ৰঙিলী বাৰ্ত্তাসেৱা- পশ্চিমবংগৰ বিধাসভাত গৃহীত হ’ল যৌন নিৰ্যাতনকাৰীৰ বিৰুদ্ধে কঠোৰ বিল।বিৰোধীয়ে সম্পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ পাছত মঙলবাৰে পশ্চিম বংগ বিধানসভাই সৰ্বসন্মতিক্ৰমে বিধেয়কখন গৃহীত কৰে। ‘অপৰাজিতা নাৰী আৰু শিশু বিল’ ( পশ্চিমবংগ ফৌজদাৰী আইন সংশোধনী বিল,২০২৪) বিধানসভাত উত্থাপন কৰে আইনমন্ত্ৰী মলয় ঘটকে। এই বিলখন উত্থাপন কৰাৰ পিছত আলোচনাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। এই আইন অনুসৰি এতিয়াৰে পৰা বংগত যৌন নিৰ্যাতনৰ অভিযোগ সত্য প্ৰমাণ হ’লে নিৰ্যাতনকৰাৰীৰ মৃত্যুদণ্ডৰ শাস্তিৰ বিধান কৰা হৈছে। বিৰোধীয়ে বংগৰ মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী কৰাৰ মাজতে মমতা বেনাৰ্জীয়ে সদনত ভাষণ প্ৰদান কৰে আৰু নতুন বিধেয়কখনক ‘মডেল’ আৰু ‘ঐতিহাসিক’ বুলি অভিহিত কৰে। তেওঁ লগতে কয় যে বিধেয়কখন আইনত পৰিণত হোৱাৰ পাছত ‘অপৰাজিতা টাস্ক ফ’ৰ্চ’ নামেৰে ৰাজ্যিক আৰক্ষীৰ এটা বিশেষ গোট গঠন কৰা হ’ব।এই বিল উত্থাপন কৰাৰ পাছতেই মমতা বেনাৰ্জীয়ে বিৰোধী বিজেপিক উদ্দেশ্যি কয় কয়, ”এয়া এক ইতিহাস। প্ৰধানমন্ত্ৰীয়ে নোৱাৰিলে। আমি পাৰিলো। কৰি দেখুৱালো। বিজেপিয়ে কেৱল বংগক বদনাম কৰিছে। মই এই অপবাদকাৰীসকলক কওঁ, আপোনালোকে আৰ জি কৰৰ ভয়ৱাহতাক হ্ৰাস কৰিছে। প্ৰধানমন্ত্ৰীয়ে দেশৰ জীয়ৰীসকলক সুৰক্ষা দিব পৰা নাই। তেওঁ ৰাষ্ট্ৰীয় লজ্জা। তেওঁক পদত্যাগ কৰিবলৈ কওঁক। গৃহমন্ত্ৰীকো পদত্যাগ কৰিবলৈ কওক।”বিধানসভাত বিৰোধী নেতা সুবেন্দু অধিকাৰীয়ে কয় যে বিজেপিয়ে অপৰাজিতা বিধেয়কক সম্পূৰ্ণ সমৰ্থন কৰে। এই আইনখন অতি সোনকালে কাৰ্যকৰী হোৱাটো আমি বিচাৰো। এয়া ৰাজ্য চৰকাৰৰ দায়িত্ব বুলিও তেওঁ উল্লেখ কৰে।