পশ্চিম বংগৰ পৰা ধৰ্মেন্দ্ৰ নাথ হত্যাকাণ্ডৰ চাৰি অভিযুক্তক গ্ৰেপ্তাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্য কঁপোৱা ৰঙিয়াৰ ধৰ্মেন্দ্ৰ নাথ হত্যাকাণ্ডৰ সৈতে জড়িত ৪ অভিযুক্তক আটক কৰিছে আৰক্ষীয়ে। কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকৰ তত্বাৱধানত পশ্চিম বংগৰ পৰা গ্ৰেপ্তাৰকৰা হৈছে চাৰি অভিযুক্তক। ধৃত চাৰি অভিযুক্ত ক্ৰমে অনুষ্ময় কলিতা, বিকি লহকৰ, মণি কাকতি আৰু নিতু কলিতা। উল্লেখ্য যে, যোৱা ২৫ ডিচেম্বৰৰ পৰা সন্ধানহীন হৈ আছিল ধৰ্মেন্দ্ৰ নাথ নামৰ যুৱকজন। তেওঁৰ নিৰুদ্দেশ সন্দৰ্ভত আৰক্ষী থানাত দাখিল কৰা হৈছিল এক গোচৰ। তাৰোপৰি ধৰ্মেন্দ্ৰ নাথৰ সন্ধান বিচাৰি স্থানীয় লোকে ৰঙিয়া আৰক্ষী থানাও ঘেৰাও কৰিছিল। তাৰ মাজতেই ২৯ ডিচেম্বৰত আৰক্ষীয়ে ধৰ্মেন্দ্ৰৰ সন্ধানহীনৰ বিষয়টোৰ সৈতে জড়িত থকাৰ অভিযোগত ঢেকীয়াজুলীৰ পৰা দুজন যুৱকক আটক কৰিছিল। তাৰ পাছতেই সোমবাৰে ধৰ্মেন্দ্ৰ নাথৰ মৃতদেহ বান্ধি থোৱা অৱস্থাত এটা পুখুৰীত উদ্ধাৰ হয়। তাৰ পাছতে সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় চাঞ্চল্য। ইয়াৰ পাছতে তেওঁৰ হত্যাৰ সৈতে জড়িত থকাৰ অভিযোগত এই কেইজন লোকক আটক কৰা হৈছে। এই ঘটনাৰ বাবে সোমবাৰে ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক অজয় বৰ্মনক শাস্তিমূলক বদলি কৰা হৈছে। হাজো থানালৈ বদলি কৰা হয় OC অজয় বৰ্মনক। ৰাজ্য কঁপোৱা ধৰ্মেন্দ্ৰ নাথ কাণ্ডৰ তদন্তত গাফিলতি কৰাৰ বাবে বদলি অজয় বৰ্মনক। ধর্মেন্দ্ৰ নাথৰ পৰিয়ালৰ গোচৰ লোৱা নাছিল ৰঙিয়া থানাৰ আৰক্ষীয়ে।