পশ্চিম বংগত মুঠ জিলা ৩০খনলৈ বৃদ্ধি হ’ব

Pc Times of India

পশ্চিম বংগত মুঠ জিলা ৩০খনলৈ বৃদ্ধি হ’ব

ৰঙিলী বাৰ্ত্তাসেৱা- পশ্চিম বংগ কেবিনেটে সাতখন নতুন জিলা নিৰ্মাণৰ প্ৰস্তাৱত অনুমোদন জনাইছে বুলি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয়। নতুন জিলাসমূহ হ’ব বঢ়মপুৰ, কান্দি, সুন্দৰবন, বছিৰহাট, ইচামতী, ৰাণাঘাট আৰু বিষ্ণুপুৰ। ৰাজ্য চৰকাৰৰ এজন জ্যেষ্ঠ বিষয়াই কৈছিল যে মসৃণ প্ৰশাসনিক কাৰ্যকলাপ নিশ্চিত কৰিবলৈ এই সিদ্ধান্ত লোৱা হৈছিল। বৰ্তমান, ৰাজ্যখনত মুঠ ২৩ খন জিলা আছে। নতুনকৈ ৭খন জিলা নিৰ্মাণ হোৱাৰ পিছত পশ্চিম বংগত মুঠ জিলা ৩০খনলৈকে বৃদ্ধি হ’ব।