পশ্চিম বংগত ভৱিষ্যতে বিজেপিৰ শক্তিশালী চৰকাৰ গঠনৰ বিষয়ে আত্মবিশ্বাস প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

পশ্চিম বংগত ভৱিষ্যতে বিজেপিৰ শক্তিশালী চৰকাৰ গঠনৰ বিষয়ে আত্মবিশ্বাস প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

ৰঙিলী বাৰ্ত্তাসেৱা-  অদূৰ ভৱিষ্যতে পশ্চিম বংগত বিজেপিৰ শক্তিশালী চৰকাৰ গঠনৰ আত্মবিশ্বাস তথা দৃঢ়তা প্রকট কৰি কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ নেতা সৰ্বানন্দ সোণোৱালে আজি বিজেপিৰ মহাজনসম্পর্ক অভিযানৰ অংশ হিচাপে দার্জিলিং লোকসভা সমষ্টিত কেইবাটাও দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰে আৰু কাৰ্যকৰ্তাসকলৰ সৈতে মত বিনিময় কৰে। প্ৰধানমন্ত্ৰী মোদী চৰকাৰৰ ৯ বছৰৰ সফলতাৰ অন্তৰ্দৃষ্টিৰ বিষয়ে জনসাধাৰণৰ মাজত ব্যাপকভাৱে প্ৰচাৰ কৰিবলৈ কাৰ্যকৰ্তাসকলক আহ্বান জনায় সোণোৱালে। তেওঁ কয় যে, ভাৰত বিশ্বৰ পঞ্চম বৃহত্তম অর্থনীতি হোৱাৰ লগে লগে উত্তৰ বংগকে ধৰি উত্তৰ-পূব অঞ্চলটোৱে দেশৰ অৰ্থনৈতিক বিকাশৰ পৰৱৰ্তী পৰ্যায়ত শক্তি প্ৰদান কৰিবলৈ সাজু হৈছে। ভাষণ প্ৰসংগত সর্বানন্দ সোণোৱালে কয়, “সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস নীতিৰে মাননীয় প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশৰ বুকুত উন্নয়নৰ নৱজাগৰণৰ সূচনা কৰিছে। Made in Indiaৰ জৰিয়তে মোদী ডাঙৰীয়াই দেশক আত্মনিৰ্ভৰ কৰাৰ যি সপোন ৰচিছিল, সেই সপোন আজি বাস্তৱ ক্ষেত্ৰত ৰূপায়িত হ’বলৈ ধৰিছে। মোদী ডাঙৰীয়াৰ দূৰদৃষ্টিৰ ফলশ্রুতিতেই দেশবাসীৰ দীৰ্ঘদিনীয়া আশা-আকাংক্ষাবোৰ বাস্তৱায়িত হৈছে। শেহতীয়াকৈ ভাৰতে ইউ কে-ক পিছপেলাই বিশ্বৰ পঞ্চম বৃহৎ অর্থনীতি হিচাপে উজলি উঠিছে, যিটো প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গৌৰৱৰ বিষয়।” তদুপৰি, সোণোৱালে কয়, “ভাৰতীয় জনতা পার্টি এনে এটি দল, যি প্ৰতিটো জাতি-জনগোষ্ঠী, প্ৰতিটো শ্ৰেণীৰ লোকৰ সৰ্বাংগীণ উন্নয়ন আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰা সবল কৰাৰ বাবে সদায় দায়বদ্ধ। বিশ্বৰ সৰ্ববৃহৎ আমাৰ ৰাজনৈতিক দলটোৱে অহৰহ্ দেশৰ হিতৰ বাবে কাম কৰি গৈছে। এইক্ষেত্ৰত কাৰ্যকৰ্তাসকল হৈছে আমাৰ চালিকাশক্তি। অনাগত দিনবোৰতো দলৰ সাংগঠনিক ভেটি সুদৃঢ়কৰণৰ দিশত আমি ঐক্যবদ্ধ প্ৰচেষ্টাৰে কাম কৰি যাব লাগিব।” “দেশৰ অৰ্থনৈতিক উন্নয়ন ত্বৰান্বিত হোৱাৰ ফলত যুৱ আৰু মহিলা তথা কৃষকসকলৰ লগতে জনজাতীয় লোকসকলৰ সবলীকৰণ সম্ভৱপৰ হৈ উঠিছে। গ্রাম্য অর্থনীতিও এতিয়া ন-ৰূপত উজলি উঠিছে আৰু কৃষি তথা আনুষংগিক ক্ষেত্ৰসমূহৰ লগতে উদ্যোগীকৰণ, তথ্য-প্রযুক্তি আদি দিশসমূহে যথেষ্ট গতিশীলতা লাভ কৰিছে। মোদী ডাঙৰীয়াৰ দীৰ্ঘম্যাদী দৃষ্টিভংগীৰ বাবেই এই নতুন ভাৰতৰ নিৰ্মাণ সম্ভৱ হৈছে, য’ত প্ৰতিটো পৰিয়ালৰ জীৱন যাপনৰ মান উন্নত কৰাত সবাতোকৈ অগ্ৰাধিকাৰ দিয়া হৈছে।”- সোণোৱালে লগতে উল্লেখ কৰে । তদুপৰি, তেওঁ কয়, “কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছ মানেই দুর্নীতি আৰু ভ্ৰষ্টাচাৰ। এওঁলোকে দশকধৰি শাসন কৰাৰ পাছতো দেশৰ লগতে পশ্চিম বংগৰ অৰ্থনৈতিক বুনিয়াদ আৰু উন্নয়ন শক্তিশালী কৰিব নোৱাৰিলে। ইয়াৰ কাৰণ হৈছে এই দলবোৰৰ সিৰাই সিৰাই দুৰ্নীতি প্রবাহিত। ৰাইজৰ আশা-আকাংক্ষা পূৰণৰ প্ৰতি এওঁলোকৰ অকণো ভ্রুক্ষেপ নাই। ভাৰতৰ বিকাশ কংগ্ৰেছে দুৰ্নীতিৰদ্বাৰা স্তব্ধ কৰি ৰাখিছিল – যাৰ ফলত দেশৰ জনসাধাৰণৰ মাজত সামাজিক আৰু অৰ্থনৈতিক সবলীকৰণৰ অত্যন্ত অভাৱ হৈছিল। কিন্তু মাননীয় প্রধানমন্ত্রী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়াই দেশক নেতৃত্ব দিবলৈ আৰম্ভ কৰে, তেতিয়াৰপৰাই ভাৰতৰ বুকুত উন্নয়নৰ নৱজাগৰণৰ সৃষ্টি হৈছে। মোদী ডাঙৰীয়াৰ দূৰদৰ্শিতাৰ বাবেই প্রত্যক্ষ লাভালাভ স্থানান্তৰৰ (ডিবিটি) দৰে পদক্ষেপৰ জৰিয়তে হিতাধিকাৰীসকলে এতিয়া তেওঁলোকৰ বেংকত পোনপটীয়াকৈ আঁচনিৰ ধন লাভ কৰি আছে, যাৰ ফলত সৰ্বস্তৰৰ লোকৰ বিত্তীয় অন্তর্ভুক্তি, অর্থনৈতিক সবলীকৰণ হৈছে আৰু আগৰ দুৰ্নীতিগ্ৰস্ত ব্যৱস্থা পুলিয়ে পোখাই উভালি পৰিছে।” “যোৱা ৯টা বছৰে অদম্য কৰ্মস্পৃহা, দূৰদৰ্শী নেতৃত্ব আৰু বিভিন্ন কল্যাণকামী পদক্ষেপেৰে ভাৰতবৰ্ষক জাকত জিলিকা কৰি তোলা ব্যক্তিগৰাকী হৈছে সর্বজনপিয় প্রধানমন্ত্রী মাননীয় শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। মাননীয় প্রধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিগত ৯টা বছৰৰ যাত্ৰা হৈছে ভাৰতৰ সংকল্পৰপৰা সিদ্ধিলৈ এক অভিনর যাত্রা। মোদী ডাঙৰীয়াৰ সবল নেতৃত্বত সৰ্বাংগীণ উন্নয়নৰ এই জয়যাত্রা অব্যাহত ৰাখি আমাৰ বিজেপি চৰকাৰে দেশখনক উন্নয়নৰ আন এক নতুন শিখৰত উপনীত কৰিব বুলি আমি দৃঢ় বিশ্বাসী। সোণোৱালে উল্লেখ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভ্ৰমণৰ সময়ছোৱাত কলকাতা- শিলিগুৰি ঘাইপথৰ নতুন দলং নিৰ্মাণৰ কাম-কাজৰো বুজ লয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আজি দার্জিলিং লোকসভাৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰাজু বিভা, মাটিগড়া নক্সালবাৰীৰ বিধায়ক আনন্দময় বৰ্মন, আন এগৰাকী বিধায়ক শিখা চেটার্জী প্ৰমুখ্যে দলৰ জ্যেষ্ঠ বিষয়ববীয়াসকলে।