পলাশৰঙী ফাকুৱাৰ ৰং
মৃদুলা বৰুৱা
এইয়া মোৰ হৃদয়ৰ কুঠৰীত
শব্দৰ সূহুৰি বাজিছে
বতাহত ভাঁহি আহিছে
তেখেতৰ আগমনৰ সুৰ,
আনিছে চাগৈ মোলৈ বুলি
মুঠি মুঠিকৈ ফাগুনৰ ৰং বোৰ,
আবিৰে ৰঙীন নকৰা মোৰ পৃথিৱীত
আজি ৰঙৰ জোৱাৰ উঠিব
মনৰ বিষাদ বোৰ আতঁৰাই
সানি দিব মোক তেওঁ নানাৰঙী ফাকুবোৰ
আৰু বোৱাই দিব মোৰ শিৰত
তেখেতৰ নামৰ পলাশ ৰঙী এখনী নৈ।