পলাশবাৰী সমষ্টিৰ দলং মলং প্ৰাথমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যালয় উন্মোচন
শৈলেন কুমাৰ, মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- দক্ষিণ কামৰূপৰ ৰামপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত পলাশবাৰী সমষ্টিৰ দলং মলং প্ৰাথমিক বিদ্যালয়ৰ আগন্তুক নবেম্বৰ মাহত দুদিনীয়াকৈ সোণীলী জয়ন্তী বৰ্ষ উৎযাপনৰ উদ্দেশ্যে আজি শুক্ৰবাৰে কাৰ্যালয় উন্মোচন কৰা হয়৷ কাৰ্যালয় উন্মোচন কৰে দলং মলং গাঁওৰ সভাপতি গোলাপচন্দ্ৰ ৰাভা দেৱে৷ আগন্তুক ২০২৫ বৰ্ষৰ নৱেম্বৰ মাহৰ ১ আৰু ২ তাৰিখে দুদিনীয়াকৈ সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰা হব৷ কাৰ্যালয় উন্মোচনৰ লগতে এখনি সভা অনুষ্ঠিত কৰা হয়৷ এই সভাতে আগন্তুক সোণালী জয়ন্তীবৰ্ষ উদযাপনৰ বাবে সমিতি গঠন কৰা হয়৷ উক্ত এই সমিতিখনত সভাপতি ৰুপে নিৰ্বাচিত কৰা হয় গোলাপ চন্দ্ৰ ৰাভা, উপ সভাপতি ৰুপে নন্দন চন্দ্ৰ ৰাভা, কবিতা ৰাভা, কাৰ্যকৰী সভাপতি ৰুপে গিৰিন্দ্ৰ চন্দ্ৰ ৰাভা, সম্পাদক ৰুপে অসীম কুমাৰ নাথ, অজয় প্ৰসাদ ৰাভা সহ সম্পাদক ৰুপে দিপক কুমাৰ ৰাভা, আৰু ইয়াৰ লগতে ১৪ গৰাকী ব্যক্তিৰ দ্বাৰা এখনি উপসমিতি গঠন কৰা হয়৷