পলাশবাৰী গাঁও প্ৰধান সন্থাৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান
শৈলেন কুমাৰ , দক্ষিণ কামৰূপ ,ৰঙিলী বাৰ্ত্তাসেৱা- দক্ষিণ কামৰূপৰ পলাশবাৰী গাঁও প্ৰধান সন্থাৰ উদ্যোগত মিৰ্জাস্থিত পলাশবাৰী গাঁও প্ৰধান সন্থাৰ কাৰ্যলয়ত পোন প্ৰথম বাৰৰ বাবে এক বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। উক্ত সভাত সভাপতিত্ব কৰে সন্থাৰ স্থায়ী সভাপতি তথা গুইমাৰা গাঁওৰ গাঁও প্ৰধান ফনিন্দ্ৰ চন্দ্ৰ দাসে। পলাশবাৰী গাঁও প্ৰধান সন্থাই পোন প্ৰথম বাৰৰ বাবে আয়োজন কৰা উক্ত সম্বৰ্ধনা প্ৰদান অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯২% নম্বৰ লাভ কৰি গৌৰৱ কঢ়িয়াই অনা বঙৰাৰ গাঁও প্ৰধান বলেন চৌধুৰীৰ সুযোগ্য পুত্ৰ মঞ্চানু চৌধুৰীক সন্থাৰ সভাপতিয়ে ফুলাম গামোচা,উপ সভাপতি সৰ্বেশ্বৰ দাসে মানপত্ৰ আৰু সম্পাদক অসীম দাসে এখনি শৰাইৰে সম্বৰ্ধনা জ্ঞাপন কৰে ।উক্ত সভাতে সন্থাৰ সদস্য পৃথু দাস,সুদম দাস,সুলিপ ৰাভাকে আদি কৰি আন আন সদস্যই ভাষণৰ মাজেৰে মঞ্চানু চৌধুৰীক শুভেচ্ছা জ্ঞাপন কৰে। শেষত সন্থাৰ সদস্যা জুতিকা দাস ভূপেন হাজৰিকাৰ এটি গীত পৰিবেশন কৰে।