পলাশবাৰীৰ বৰপ্ৰতিমা- ফুলগুৰিত কামনাৰ বলি হৈ অন্তঃসত্বা হ’ল বিধবা মহিলা
বাসুদেৱ দাসক আটক আৰক্ষীৰ
শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বৰপ্ৰতিমা- ফুলগুৰিত সংঘটিত হয় মানৱ সমাজক কলংকিত কৰা এক জঘন্য ঘটনা। এগৰাকী বিবাহিত পুৰুষৰ কামনাৰ বলি হৈ অন্তঃসত্বা হয় এগৰাকী কম বয়সীয়া বিধৱা মহিলা। ঘটনাৰ বিৱৰণী মতে,পলাশবাৰী থানাৰ অন্তৰ্গত বৰফুলগুৰিৰ বাসুদেৱ দাস নামৰ এগৰাকী বিবাহিত পুৰুষে বৰপতিমাৰ ৰীণা দাস নামৰ এগৰাকী বিধৱা মহিলাক বিয়া কৰোৱাৰ প্ৰলোভন দি যৌন সম্পৰ্ক কৰি আহে। ফলত এই নিঠৰুৱা মহিলাগৰাকী আঠ মাহৰ অন্তঃসত্বা হয়। এই ঘটনাৰ বাবে মহিলাগৰাকীয়ে বাসুদেৱক বিৱৰি কয় যদিও বাসুদেৱে এই বিষয়টো গুৰুত্ব নিদিলে। ফলত উপায়হীন হৈ এই কথা ফাদিল কৰাৰ কথা প্ৰকাশ কৰে। তেনেক্ষেত্ৰত বাসুদেৱৰ পৰিয়ালৰ লোকে ফোন যোগেৰে এই মহিলাগৰাকীক ধনৰ জড়িয়তেই এই বিষয়টো মীমাংসা কৰাৰ কথা কৈছিল যদিও মহিলাগৰাকীয়ে এই কথা মানিবলৈ অস্বীকাৰ কৰে।এই সমগ্ৰ ঘটনা স্থানীয় ৰাইজৰ আগত অৱগত কৰাত ঘটনা পোহৰলৈ আহে। এই সন্দৰ্ভত যোৱা নিশা বৰফুলগুৰি সত্ৰত পূৰ্ণ চন্দ্ৰ দাসৰ সভাপতিত্বত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। সভাত বাসুদেৱ দাসে এই জঘন্য ঘটনাৰ কথা অস্বীকাৰ কৰে। কিন্তু তেওঁৰ পৰিয়ালবৰ্গই মহিলাগৰাকীৰ সৈতে পতা কথাৰ ফোন ৰেকৰ্ডিং ৰাজহুৱাভাৱে শুনাই দিয়ে।তেনেক্ষেত্ৰত এই জঘন্য ঘটনাত যে বাসুদেৱ জড়িত তাৰ স্বৰূপ ওলাই পৰে।শেষত এই ঘটনাৰ বিচাৰ আইনী প্ৰক্ৰিয়াৰে চলোৱাৰ বাবে ৰাইজে বাসুদেৱক পলাশবাৰী আৰক্ষীৰ হাতত চমজাই দিয়ে। এই সন্দৰ্ভত পলাশবাৰী আৰক্ষী থানাত ভুক্তভোগী ৰীণা দাসে এখন এজাহাৰ দাখিল কৰে। খবৰমতে, ভুক্তভোগী মহিলাগৰাকী শাৰীৰিকভাৱে অক্ষম। তেনেক্ষেত্ৰত এই সুযোগ লৈয়ে তেওঁ চলাই আহে এনেধৰণৰ অনৈতিক কাৰ্য। আনহাতে আজি অঞ্চলটোৰ ৰাইজে এই মহিলাগৰাকীক ন্যায় দিয়াৰ উপলক্ষে পলাশবাৰী আৰক্ষী থানাত উপস্থিত হয়। আৰক্ষীয়ে এই বিষয়টো কি হিচাপে লয় সেয়া লক্ষণীয় হ’ব। অৱশ্যে আইনী তদন্ততহে এই ঘটনাৰ প্ৰকৃত ৰহস্য ওলাই পৰিব। উল্লেখ যে,এই মহিলাগৰাকীৰ এটি শিশুও আছে। আনহাতে এই ঘটনাৰ কথা অঞ্চলটোৰ মহিলা সমিতিয়ে আজি বিধায়ক হেমাংগ ঠাকুৰীয়াকো অৱগত কৰি দোষীক শাস্তি দিয়াৰ দাবী জনায়। লগতে নিঠৰুৱা মহিলাগৰাকীক নিৰাপত্তাৰ দাবী তোলে। ইপিনে এই সমগ্ৰ ঘটনাৰ কথা ফাদিল হোৱাৰ পিছতো পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ভুক্তভোগীৰ কাষত থিয় দিবলৈ সাহস নহল।