পলাশবাৰীত অনলাইন মাৰ্কেটিঙৰ প্ৰৱঞ্চনাৰ জাল বহিৰাগত কোম্পানীৰ
শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- দক্ষিণ কামৰূপত শেহতীয়াকৈ ফাদিল হোৱা টাইটান কেপিটেল নামৰ অনলাইন ট্ৰেডিং কোম্পানীৰ প্ৰৱঞ্চনাৰ ঘটনা মাৰ নাজাওতেই, এইবাৰ দক্ষিণ কামৰূপৰ উপৰহালীত বহিৰাগত ৰিল ইণ্ডিয়া নামৰ অনলাইন মাৰ্কেটিং কোম্পানীৰ বৃহৎ প্ৰৱঞ্চনাৰ জাল ৷ বহিৰাগত অনলাইন মাৰ্কেটিঙৰ কোম্পানী সমূহৰ ৰম্যভূমিহে যেন দক্ষিণ কামৰূপ, কোম্পানী সমূহৰ টাৰ্গেট সহজসৰল দুখীয়া মানুহৰ পৰা সহজলভ্য টকা ঘটাৰ প্ৰলোভনৰে লুণ্ঠন চলোৱা ৷ বৰ্তমানলৈকে পলাশবাৰীত অনলাইন মাৰ্কেটিঙৰ নামত জনসাধাৰনক ৰাম ঠগন দিয়া হৈছে ৷ দক্ষিণ কামৰূপৰ উপহালীত গড় লৈ উঠা ৰিল ইণ্ডিয়া নামৰ বহিৰাগত অনলাইন মাৰ্কেটিঙৰ কোম্পেনীয়ে জনসাধৰণক ৰাম ঠগণ দি থকাৰ গুৰুতৰ অভিযোগক সেই কোম্পানীত নিয়োজিত হৈ থকা কৰ্মচাৰীৰ ৷ কৰ্মচাৰীয়ে অভিযোগ দিলে মাৰপিটৰ ঘটনাও পোহৰলৈ আহিছে ৷ অসমৰ লগতে উত্তৰপূৰ্বাঞ্চলৰ বহু ৰাজ্যৰ যুৱকযুৱতী নিয়োজিত হৈ আছে এই কোম্পানীত ৷ যিটো সময়ত সমগ্ৰ অসমত অনলাইন ট্ৰেডিংৰ নামত জনসাধৰণৰ টকা আত্মসাত কৰা অভিযোগ আহিছিল, ঠিক তেনেদৰে এই ৰিল ইণ্ডিয়া নামৰ বহিৰাগত অনলাইন মাৰ্কেটিঙৰ কোম্পানীটোয়ে সাধাৰণ জনতাক টাৰ্গেট কৰি লৈছে ৷ এই কোম্পানীটোৰ লক্ষ্য, ২০ পৰা ৩০ বছৰৰ যুৱকযুৱতীক ৰিল ইণ্ডিয়া কোম্পেনীটোত যোগদান কৰাই ৪ হেজাৰ পৰা ৪০ হেজাৰ পৰ্যন্ত টকা লোৱা হয় ৷ বৃহত ধনৰ লোভ দেখুৱাই টকাৰ বিনিময়ত ৷ ইতিমধ্যে ভুক্তভোগী কৰ্মৰত কৰ্মচাৰী সকলে এই কোম্পানীটোৰ বিৰুদ্ধে বিজয়নগৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে, পৰৱৰ্তীসময়ত লক্ষণীয় হব প্ৰশাসনৰ পদক্ষেপ ৷