পর্যটকৰ আকৰ্ষণৰ সম্ভাবনা শ্রী শ্রী সূর্য্যপাহাৰ মহাপীঠ স্থান- ইভা গন্ধীয়া ফুকন

Pc Wikipedia

পর্যটকৰ আকৰ্ষণৰ সম্ভাবনা শ্রী শ্রী সূর্য্যপাহাৰ মহাপীঠ স্থান

অসমখন প্রাকৃতিক সম্পদত বৰ চহকী। শদিয়াৰ পৰা ধুবুৰীলৈকে অনেক চাবলগীয়া প্রাকৃতিক সম্ভাৰে অসমক সগর্ভা কৰি ৰাখিছে। বিদেশী পর্যটকেও অসমত প্রাকৃতিক সৌন্দর্যৰ প্রতি আকর্ষিত হয়। কাজিৰঙা অভয়াৰণ্যৰ একশিঙীয়া গড় পৃথিবী বিখ্যাত, দৌল মঠ-মন্দিৰ শক্তিপীঠ – আদিৰে বহুতো পৌৰাণিক কাহিনী সম্বলিত উপাখ্যান বিজড়িত এই অসমভূমি। আহোম যুগৰ কৃতিচিহ্নৰে জিলিকি আছে শিৱসাগৰ জিলা। মা কামাখ্যা মন্দিৰ দর্শন কৰিবলৈ দেশ বিদেশৰ পর্যটক, মন্ত্রী আমোলাৰ ভিৰ পৰিলক্ষিত হয়।
ইয়াত গোৱালপাৰা জিলাৰ শ্ৰী সূৰ্য্যপাহাৰৰ বিষয়ে অলপ লিখিব প্রয়াস কৰিছো। গোৱালপাতা চহৰৰ পৰা ১২ কিঃ মিঃ দুৰত্বত এই স্থান অবস্থিত। শ্রী সূর্য্য পাহাৰৰ ভিতৰলৈ নির্দিষ্ট ঠাইলৈকে গাড়ী সোমোৱাই নিব পাৰি তাতে মুকলি ঠাইত গাড়ী ৰখাব লাগে। মুখতে ধূপ-চাকিৰ সৰু সৰু দোকান। শিৱ মন্দিৰ, সূর্য্যমন্দিৰ, গণেশ মন্দিৰ দর্শন কৰিব পাৰি। শিলত খোদিত গণেশ মূর্ত্তি মধ্যত ৰাসি জয়-বিজয়, বিষ্ণু শিৱ আদি বিষ্ণুৰ দশ অবতাৰ। তাৰে পূজাৰী জনে শ্রী সূর্য্যপাহাৰৰ চমু বর্ণনা দি যায়। তাতে ধূপ চাকি অৰিহণা দি পার্থনা জনালে বোলে মনোকামনা পূৰ হয়। গুহাৰ ভিতৰত আকাশী গংগা চিৰ প্রবাহমান। আকাশী গংগাৰ পানী নির্মল আৰু চেঁচা। ইয়াৰ উৎস ক’ত নাজানিলো তাৰ পূজাৰী জনেও ক’ব নোৱাৰিলে, কুলু কুলু শব্দে পানী বে থাকে। শিলৰ মাজতে সুৰঙ্গ আকাৰে থকা ঠাইত বোলে সীতাই গা ধুইছিল। ৰাম সীতাৰ বনবাসৰ কিছু কাল এই শ্রী সূর্য্যপাহাৰতে কটাইছিল। এই পাহাৰৰ আন এটা বৈশিষ্ট হ’ল ৯৯,৯৯৯ টা শিৱলিংগ, গণেশ বাবাৰ স্থানৰ পৰা সোঁফালে পাহাৰৰ বহু উচ্চলৈকে শিৱলিংগ অৱস্থিত। প্রত্নতাত্ত্বিক যুগৰ ঠাইডোখৰ বৰ মনোমোহা, নান্দনিক দৃশ্যৰে ভৰপুৰ। কাষতে দীঘলীয়া পুখুৰীত নৌকা বেহা কৰাৰো ব্যবস্থা আছে।
শ্রী সূর্য্যপাহাৰলৈ সোমাই যোৱা মূল পথৰ বাওঁহাতে এটা সংগ্ৰাহালয় আছে। তাতে খনন কাৰ্যত পোৱা বিভিন্ন ধৰণৰ শিলা মূর্তি ৰখা হৈছে। ইতিহাস প্রসিদ্ধ কাহিনীৰে ভৰপূৰ- শ্রী শ্রী সূর্য্যপাহাৰ মহাপীঠখন সঁচাই চাব লগীয়া, ই আমাৰ পর্যটকৰ আকৰ্ষণৰ স্থান হোৱাটো কামনা কৰো।

ইভা গন্ধীয়া ফুকন