পদ্মশ্ৰী হেম ভৰালীলৈ শ্ৰদ্ধাঞ্জলি – সত্যজিৎ গগৈ

PC - Wikipedia
পদ্মশ্ৰী হেম ভৰালীলৈ শ্ৰদ্ধাঞ্জলি
সত্যজিৎ গগৈ, নাহৰকটীয়া
লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ এখন গাওঁত ১৯১৯ চনৰ ১৯ ফ্ৰেব্ৰুৱাৰী তাৰিখে পদ্মশ্ৰী হেম ভৰালীৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল ধনীৰাম ভৰালী আৰু মাতৃৰ নাম আছিল অম্বিকা ভৰালী।তেখেত একেধাৰে  মুক্তি যুঁজাৰো,সমাজ সেৱিকা,গান্ধীবাদী নেত্ৰী আৰু সৰ্বোদয়া নেত্ৰী আছিল। বিশেষকৈ তেওঁক নাৰী সবলীকৰণ আৰু সমাজৰ আৰ্থিকভাৱে পিচপৰা সকলৰ বাবে কৰি অহা কৰ্মৰ বাবেহে জনা যায়। তেওঁ ভাৰতৰ স্বাধীনতা সংগ্ৰামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল । তাৰ পিচতেই ১৯৫০ চনৰ বৰ  ভূমিকম্প আৰু ১৯৬২ চনৰ চীন-ভাৰতৰ যুদ্ধৰ  ফলত ক্ষতিগ্ৰস্ত হোৱা অঞ্চলসমূহৰ লোকসকলৰ দুখ দুৰ্দশা সহিব নোৱাৰি সাহায্য অভিযানত তেওঁ অগ্ৰণী ভূমিকা পালন কৰিছিল।সেই সহায়ৰ বাবেই সকলোৱে তেখেতক চিৰদিন মনত ৰাখিছে।ইয়াৰ পিচতেই ১৯৫১ চনত বিনোৱা ভাৱেৰৰ নেতৃত্বত আৰম্ভ হোৱা ভূ-দান আন্দোলনত তেওঁ যোগদান কৰে।সেই আন্দোলনতো তেখেতে সক্ৰিয়ভাৱে সহযোগ আগবঢ়াই আন্দোলন শক্তিশালী কৰি তুলিছিল।তেতিয়া তেওঁ তেজপুৰৰ মৈত্ৰেয়ী আশ্ৰমত থাকিয়েই আন্দোলনৰ সকলো কাম কাজ চলাই গৈছিল।১৯৬৭ চনৰ ২৫ অক্টোবৰত ” অখিল ভাৰত মহিলা লোকযাত্ৰা” ৰ অসমৰ যাত্ৰী দলটোৰ নেত্ৰী হিচাপে তেখেতে বাৰ বছৰ ভাৰতবৰ্ষৰ ইমূৰৰ পৰা সিমূৰলৈ পদব্ৰজে ভ্ৰমণ কৰিছিল।তদুপৰি নেপাল আৰু সিংহললৈকেও খোজ কাঢ়ি যাত্ৰা কৰিছিল।এইগৰাকী মহান ব্যক্তিয়ে ২০০৪ চনত অসম চৰকাৰৰ পৰা কনকলতা বৰুৱা বঁটা,২০০৫ চনত ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী বঁটা,২০০৬ চনত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় সম্প্ৰীতি বঁটা,জাতীয় সাম্প্ৰদায়িক সমন্বয় বঁটা,নেশ্যনেল ফাউণ্ডেশ্যন ফৰ কমিউনেল হাৰমনি বঁটা, ২০০৮ চনত অসম চৰকাৰৰ ফকৰুদ্দিন আলি আহমেদ সোঁৱৰণি বঁটা আৰু ২০১৪ চনত কেশৱ চন্দ্ৰ দাস মহাবিদ্যালয়ৰ পৰা ৰাষ্ট্ৰীয় কৃতী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।তেখেতে স্ব-ইচ্ছাৰেই আজীৱন অবিবাহিতা হৈ ৰোৱাৰ সিধান্ত লৈ গুৱাহাটীতে নিগাজিকৈ বাস কৰিবলৈ লয়।অৱশেষত ২০২০ চনৰ ২৯ এপ্ৰিল তাৰিখে গুৱাহাটীৰ পূৱ-শৰণীয়াস্থিত নিজ বাসগৃহত ১০১ বছৰ বয়সত বাৰ্ধক্য জনিত কাৰণত হেম ভৰালীৰ দেহাৱসান ঘটে।মৃত্যুৰ পূৰ্বে তেওঁ‌ নিজৰ শৰীৰটো গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত দান দি থৈ যায়।এনে এগৰাকী মহীয়সী নাৰীক আজিৰ দিনত কিমানজন অসমীয়াই মনত ৰাখিছে!চৰকাৰেও হেম ভৰালীক অমৰ কৰি ৰাখিবলৈ কিবা ব্যৱস্থা গ্ৰহণ কৰিছেনে?যদি চৰকাৰে ইচ্ছা কৰে তেন্তে পদ্মশ্ৰী হেম ভৰালীৰ স্মৃতি ৰক্ষাৰ বাবে বহুখিনি কাম কৰিব পাৰে।সম্ভৱ হলে হেম ভৰালীক পাঠ্যপুথিৰ অন্তৰ্ভুক্ত কৰিবও পাৰে।