পদ্মভূষণ সন্মানেৰে বিভূষিত নৃত্যাচাৰ্য যতীন গোস্বামীক অভিনন্দন জ্ঞাপন মুখ্যমন্ত্ৰীৰ

পদ্মভূষণ সন্মানেৰে বিভূষিত নৃত্যাচাৰ্য যতীন গোস্বামীক অভিনন্দন জ্ঞাপন মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- পদ্মভূষণ সন্মানেৰে বিভূষিত সত্রীয়া সংস্কৃতিৰ সাধক, নৃত্যাচাৰ্য যতীন গোস্বামীৰ মহানগৰীৰ নুনমাটিস্থিত বাসভৱনত উপস্থিত হয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা। বাসভৱনত উপস্থিত হৈ তেওঁ লাভ কৰা শেহতীয়া এই সন্মানৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই নৃত্যাচাৰ্য যতীন গোস্বামীক অভিনন্দন জ্ঞাপন কৰে। সাক্ষাৎ কালত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সত্ৰীয়া নৃত্য বিশাৰদগৰাকীৰ সৈতে সত্ৰীয়া নৃত্যৰ প্ৰসাৰ আৰু প্ৰচাৰ সম্পর্কে বাৰ্তালাপ কৰে। সাক্ষাৎ কালত যশস্বী শিল্পীগৰাকীয়ে সত্ৰীয়া নৃত্যৰ প্ৰসাৰৰ দিশত কেতবোৰ পৰামৰ্শ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক দিয়ে। সত্রীয়া নৃত্যই যাতে দেশ আৰু বিদেশত আৰু অধিক প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰিব পাৰে সেই দিশত যথাসম্ভৱ সকলো প্রচেষ্টা ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক তেওঁক আশ্বাস প্রদান কৰে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই যশস্বী শিল্পী যতীন গোস্বামীৰ সু-স্বাস্থ্য আৰু দীর্ঘ কর্মময় জীৱন কামনা কৰে।আনহাতে সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই কয়, অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি, চৰাইদেউ মৈদামলৈ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতিৰ পিছত যতীন গোস্বামীলৈ ‘পদ্মভূষণ’ সন্মান আগবঢ়োৱাটো অসমৰ বাবে গৌৰৱৰ বিষয়।