পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ঘগ্ৰাপাৰ থানাৰ OC বিৰিঞ্চি দাসে
ৰঙিলী বাৰ্ত্তাসেৱা- নিশাৰ মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।এই ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল এগৰাকী আৰক্ষী বিষয়াৰ। মহাশিৱৰাত্ৰিৰ নিশা গুৱাহাটী মহানগৰীৰ লালমাটিত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয়। জানিব পৰা মতে, তীব্ৰবেগী এখন চুইফট বাহনে মহতিয়াই নিয়ে এজন স্কুটী চালকক। এই স্কুটীখনে চলাই আছিল আৰক্ষী বিষয়াগৰাকীয়ে। যাৰ ফলত তেওঁৰ থিতাতে মৃত্যু হয়। দুৰ্ঘটনাত মৃত্যু হোৱা লোকজন ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী (OC) বিষয়া বিৰিঞ্চি দাস। জানিব পৰা মতে, নিশা ভেটাপাৰাৰ পৰা স্কুটীৰে গৈ আছিল বিৰিঞ্চি দাস। তেতিয়াই লালমাটিৰ গেম ভিলেজৰ সন্মুখত ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ’ব লওতেই তীব্ৰবেগী এখন চুইফট বাহনে তেওঁক খুন্দা মাৰে। যাৰ ফলত স্কুটীখন চূৰ্ণ বিচূৰ্ণ হৈ পৰে আৰু থিতাতে মৃত্য়ু হয় বিৰিঞ্চি দাসৰ। নিয়ন্ত্ৰণ হেৰুৱাই স্কুটীখনত খুন্দা মাৰিছিল চাৰিচকীয়া বাহনখনে আৰু ঘটনা সংঘটিত কৰিয়েই উক্ত স্থানৰ পৰা পলায়ন কৰে গাড়ীৰ চালকে । ঘটনা সংঘটিত কৰা চুইফট বাহনখনৰ নম্বৰ AS 01AY 9101। এই ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাছতেই উক্ত স্থানত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ইতিমধ্যে চুইফট বাহনখন আৰক্ষীয়ে জব্দ কৰিছে যদিও গাড়ীৰ চালক পলাতক অৱস্থাত আছে। চালকক বিচাৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান। জানিব পৰা মতে, কিছুদিন পূৰ্বে আৰক্ষী বিষয়া বিৰিঞ্চি দাসৰ মাতৃৰ মৃত্যু হৈছিল। সেই সূত্ৰে তেওঁ যোৱা এমাহ ধৰি ছুটীত ঘৰতে আছিল। ২৬ ফেব্ৰুৱাৰী আছিল তেওঁৰ ছুটীৰ শেষ দিন আৰু ২৭ ফেব্ৰুৱাৰীত তেওঁৰ চাকৰিত পুনৰ যোগদান কৰাৰ কথা। কিন্তু তাৰ পূৰ্বে কালি নিশা ২ মান বজাত সংঘটিত হয় এই শোকাবহ পথ দুৰ্ঘটনা।