পথাৰ-ৰাজলক্ষ্মী বৰঠাকুৰ, দেৰগাঁও

P.c.- Pinterest

পথাৰ

সঁজাল ধৰি সেউজীয়া হৈ পৰিছে
শাওণৰ পথাৰ খনি ।
যেনিয়ে চকু যায় তেনিয়ে মাথোঁ
সেউজীয়া, সেউজীয়া ….
প্ৰকৃতি ৰাণীয়ে ধৰিত্ৰীৰ বুকুত পাৰি দিছে যেন এখনি সেউজীয়া দলিচা।
ৰিব ৰিব মলয়াত বিয়পি পৰিছে
বোকা মাটিৰ গোন্ধ।
ধাননিৰ মাজে মাজে বন-ফৰিংৰ লুকা-ভাকু
মন প্ৰাণ হৰি নিয়ে প্ৰকৃতিৰ এই ৰূপ লাৱণ্য।
আঘোণত ,আঘোণত সোণোৱালী হৈ জিলিকি পৰিব শাওণৰ এই সেউজীয়া পথাৰ খনি।