পথাৰ – মধুস্মিতা শৰ্মা

PC - axomiyahahitiyarsaneki
পথাৰ  
মধুস্মিতা শৰ্মা,
সোণাপুৰ, কামৰূপ মেট্ৰ’
চাৰিওফালে চাৰিটাকৈ
কেঁচা মাটিৰ আলি
মাজতে একো একোখন কেঁচা-মাটিৰ সুবাস
পিতাইৰ মৃত-সঞ্জীৱনী
চহা জীৱনৰ আয়ুস ৰেখা পথাৰ
বসন্তৰ প্ৰথম বৰষুণচাটিতেই
ঠন ধৰা পথাৰে
প্ৰতিশ্ৰুতিৰ আঁচল টানে
পুৱাৰ সূৰুযলৈ চাই
শস্য-শ্যামলিমাৰে সুশোভিত কৰিব ধৰা
নাঙলৰ ৰূপোৱালী ফালেৰে
চিৰাচিৰ  কৰা পথাৰৰ
সীৰলুৱে সীৰলুৱে সপোনে নাচে
পিতাই পানী-গামোচাৰ স্পৰ্শত
আৰু ফটা গোৰোহাৰ খচকত
 পলস নামে পথাৰলৈ
আইৰ উভঁহা আঙুলিৰে গুঁজি দিয়ে
মুঠি মুঠি হেঁপাহ
শাওণৰ ধলত নিৰাই-নিপাই ৰোৱা ধানে
মোট সলাই
সেউজীয়াৰ পৰা গাঢ় সেউজীয়া ৰীহাই
ঢৌ খেলে পথাৰত
কুঁৱলীৰ ফাঁকে ফাঁকে অহা বতাহচাটিয়ে
গা-ভাৰী পথাৰৰ খৱৰ দিলেহি,
মুঠি টান কৃষকৰ
ঘোলা চকু তিৰবিৰাই উঠিল
হিৰণ্ময় পথাৰৰ কল্পনাত
কাতিৰ মিঠাতেলৰ চাকিৰ পোহৰত
পথাৰে প্ৰসৱ কৰে
চহা পিতাইৰ কামিহাড় ঘনে ঘনে ফুলে
আইৰ সোলা ওঁঠেৰে বৈ আহিল সেলেঙি
শীতৰ কুঁৱলী ফালি বৈ আহিল
এটা ৰহৰহীয়া  গোন্ধ
আঘোণৰ সোণোৱালী পথাৰত
পকাধানৰ থৌকি-বাথৌ
ৰবাব টেঙা ,ঔটেঙাৰ বিয়নী-মেল
মাজে-মাজে বিয়ানাম, বিহুনাম
পথাৰখন হৈ পৰে প্ৰেমময়
সাৰীয়াৰ কান্ধত দলদোপ-হেন্দোলদোপ আঘোণৰ ৰ’দ,
 ঠৰে ঠৰে ডাঙৰিৰ ঝিৰিক ঝিৰিক
পথাৰৰ সোণগুটি আহি চোতাল পালেহি
এখনি ফুলাম গামোচা আৰু
তিনিখনি থুৰিয়া তামোল দি
বহল পথাৰখন আয়ে বুকুতে সামৰি থ’লে
বুকুৱে বুকুৱে আনন্দ  আৰু সম্প্ৰীতিবোৰ
বহলাই বাগৰি গ’ল,
ঘৰে ঘৰে উদং পেটবোৰত
এমুঠি আঠালেটিয়া ভাতৰ উগাৰ
গাঁৱৰ চহাৰ মুখত ভাওনাৰ বচন
মটীয়া , সেউজীয়া ,সোণোৱালী পথাৰে
 ৰং সলাই সময় অনুযায়ী
উদং পথাৰত জোনৰ প্লাৱন নামে
শৰৎ নিশা
শীতত শীৰ্ণ পথাৰ
বাৰিষাৰ ঢৌত যৌৱনমতী হৈ
বহন কৰে শস্যৰ বীজ
আকাশ আৰু পথাৰৰ প্ৰেম যুগ যুগান্তৰৰ
সেউজীয়া আঁচলত সোণগুটিৰ ভৰ
চহা প্ৰাণত ভোগৰ  সম্ভাৰ
খেতিয়ক আৰু পথাৰ
এক ছিঙিব নোৱাৰা বান্ধোন
ক্ৰমাৎ যেন হৰলুকী হয়
আয়তন আৰু উৎপাদন
হ্ৰাস হৈ নিশ্ছিন্ন হ’ব নে কি এই মাতৃৰ !
তথাপি জীয়াই থাকিব এজোলা হ’লেও পথাৰ জনমে জনমে