পত্নীৰ প্ৰতি স্বামীৰ দায়িত্ব
কল্পনা দত্ত
হোমৰ গুৰিক সাক্ষী কৰি এজনী ছোৱালীক এজন ল’ৰাই চিৰদিনৰ বাবে নিজৰ কৰি লোৱাৰ পাছৰ পৰাই ছোৱালীজনী পত্নীধৰ্ম পালন কৰিবলৈ আগবাঢ়ি আহে । সম্পূৰ্ণ নতুন পৰিৱেশ এটাত মিলি যাবলৈ চেষ্টা কৰে । মাক – দেউতাকৰ মৰমৰ মাজত ডাঙৰ – দীঘল হৈ বুজন বয়সত স্বইচ্ছাৰে আন এখন ঘৰলৈ আহি নিজক সেইখন ঘৰৰ মানুহ, পৰিৱেশৰ লগত মিলিবলৈ হয়তো ভগৱানে নাৰীজাতিক ধৈৰ্য,সহনশীলতা মানসিক শক্তি দিছে । এজন মানুহৰ ভৰসাতে সপোনবোৰ বাস্তৱত ৰূপায়িত কৰাৰ কামনাৰে তেওঁ সম্পূৰ্ণ নতুন পৰিৱেশ এটিলৈ ৰাওনা হয় । পিতৃ-মাতৃ ,ভাতৃ-ভগ্নী , আত্মীয় – স্বজন সকলোকে এৰি আহি ভিতৰি শংকিত হৈ নথকা নহয় , কিয়নো নতুন ঘৰ এখনত ,নতুন ঘৰৰ মানুহৰ লগত মিলিব পাৰিব নে নাই এই সকলো ছোৱালাজনীয়ে এৰা-ধৰা কৰিব লগা হয় ।
এখন ঘৰলৈ আহি ছোৱালীজনীয়ে নিজৰ স্বামীৰ পৰা মৰম , আদৰ-যত্ন বিচাৰে । তাই বিচাৰে নতুন জীৱনটি যেন সুকলমে , সুস্থিৰভাৱে আগবঢ়াই নিবলৈ স্বামীয়ে সহায় কৰে । সকলো দিশতে যেন স্বামীৰ হাতত হাত থৈ আগবাঢ়িব পাৰে, সৰু সৰু আকাংক্ষাবোৰ,আশাবোৰ,সপোনবোৰ বাস্তৱত ৰূপায়িত কৰিবলৈ স্বামীৰ সহযোগিতা কামনা কৰে ।
তদুপৰি পত্নীগৰাকীৰ সকলো প্ৰয়োজন পূৰণ কৰিব নোৱাৰিলেও সাধ্যানুযায়ী কৰিবলৈ চেষ্টা কৰিব লাগে । স্বামীজনে পত্নীৰ সহযোগিতা অবিহনে এখন ঘৰ নিয়াৰিকৈ চলাই নিয়াটো অসম্ভৱ । স্বামীগৰাকীয়ে চেষ্টা কৰিব লাগে, যাতে নৱবিবাহিতাগৰাকীয়ে ঘৰখনৰ লগত মিলি যাব পাৰে । এগৰাকী পত্নী-স্বামীৰ জীৱনসংগী হৈ আহে,গোটেই জীৱন স্বামীৰ কাষে কাষে ছাঁটোৰ দৰে থিয় দি স্বামীৰ জীৱনৰথ আগবঢ়াই নিবলৈ সহায় কৰে । পত্নী এগৰাকীয়ে সময়ত স্বামীক মাতৃসুলভ মৰমেৰে ওপচাই ৰাখে , খোৱা-লোৱাৰ তদাৰক কৰাৰ উপৰি তেওঁৰ শৰীৰৰ যত্নও লয় । তদুপৰি ঘৰখন নিয়াৰিকৈ চলাবলৈ দায়িত্ববোৰ লৈ এগৰাকী পিতৃৰ ভূমিকাও পালন কৰে পত্নীগৰাকীয়ে ।
মাজে মাজে ভগ্নীৰ খং-অভিমান,অভিযোগ কৰি মৰমেৰে দায়িত্বজ্ঞানবোৰ সকীয়াই দিয়ে । ভাতৃৰ দৰে বিপদ – আপদ,সমস্যা আদিৰ সমাধান দিয়াৰ লগতে স্বামীক সাহস দিয়ে পত্নীগৰাকীয়ে । কেতিয়াবা আকৌ জীয়াৰীৰ দৰে খং, অভিমান, বয়-বস্তুৰ দাবী কৰি স্বামীৰ ওচৰত আদৰ-মৰম বিচাৰে ।
সকলো কাম- কাজ সামৰি শেষত স্বামীৰ ওচৰত এগৰাকী প্ৰেয়সীৰ ৰূপত নিজক বিলীন কৰি দিয়ে । পত্নীগৰাকী সদায় স্বামীৰ ভাল বান্ধৱী হৈ থাকিব বিচাৰে, যাতে সকলো কথা মুকলিকৈ ক’ব পাৰে, আলোচনা কৰিব পাৰে, তেনে এটি পৰিৱেশ বিচাৰে । মুঠতে পত্নী এগৰাকীয়ে স্বামীৰ ওচৰত পিতৃ-মাতৃ, ভাতৃ-ভগ্নী , বন্ধু প্ৰেয়সী সকলোৰে ভূমিকা পালন কৰে । ঘৰখনৰ লক্ষ্মীৰ ৰূপত পত্নীগৰাকীক স্থান দিয়া হয় । তেওঁৰ ওপৰত ঘৰ এখনৰ সুখ-দুখৰ চাবিকাঠী থাকে।
নতুনকৈ বিয়া হৈ অহা ছোৱালীজনী সময়ত মাতৃ হ’বলৈ ওলায় । নানা সমস্যাৰ মাজেৰে আগবাঢ়িব লাগে গৰ্ভধাৰণৰ দীঘলীয়া সময়ছোৱা । শাৰীৰিক তথা মানসিক পৰিবৰ্তন ঘটে এই কঠিন সময়ছোৱাত । এই স্পৰ্শকাতৰ সময়ছোৱাত পৰিয়ালটি তথা স্বামীৰ দায়িত্ব বহুখিনি বাঢ়ি যায় । মাতৃ হ’বলৈ ওলোৱা ছোৱালীজনীক সম্পূৰ্ণ সহযোগিতা আগবঢ়াই যাব লাগে । পৰিয়ালটিৰ প্ৰতিটো সদস্য আৰু স্বামীয়ে । সাহস – নিৰাপত্তা দিব লাগে এই সময়ছোৱাত । স্বামীৰ সহযোগিতা অবিহনে পত্নীগৰাকীৰ এই সময়ছোৱা কঠিন হৈ পৰে । এই সময়ত অধিক যত্নৱান হৈ স্বামীয়ে সময়তে চিকিৎসকৰ ওচৰলৈ নিয়ে । খোৱা – লোৱাৰ যত্ন লোৱা , মানসিকভাৱে সাহস দিয়া আদি মুকলিকৈ কৰাটো উচিত । মানসিক ভাৱে যাতে সুস্থ হৈ থাকে তাৰাবাবে মাজে মাজে ফুৰাবলৈ নিয়াৰ ওপৰি ভাল ভাল কিতাপ পঢ়িবলৈ আনি দিব লাগে । হাঁহি- ফূৰ্তিৰ মাজেৰে পৰিৱেশটো সহজ কৰি এই সময়ছোৱা পাৰ কৰিলে যথাসময়ত এটি সুস্থ সন্তান জন্ম দি ঘৰখনত আনন্দৰ পৰিৱেশ এটি আনিব পাৰিব । তদুপৰি পিতৃৰ ঘৰখনৰ প্ৰতিও স্বামী এগৰাকীয়ে গুৰুত্ব দিলে পত্নীগৰাকীৰ মন ভালে থাকে । স্বামীৰ শহুৰ ঘৰখনৰ প্ৰতিও দায়িত্ববোধ দেখিলে পত্নীগৰাকী উৎসাহিত হৈ থাকিব । ইয়াৰ বাবে লাগিব পতি-পত্নীৰ মিলাপ্ৰীতি, সহযোগিতা, বুজাপৰা, ইজনৰ – সিজনৰ প্ৰতি দায়িত্ববোধ । এখন ঘৰ সুস্থ হৈ থাকা মাত্ৰেই এটি চুবুৰি, এখন নগৰ, এখন দেশ, এখন সমাজ সুস্থ হৈ থাকিব ।