পত্নীক হত্যা কৰি কুকাৰত সিজালে শৰীৰৰ টুকুৰ স্বামীয়ে
ৰঙিলী বাৰ্ত্তাসেৱা- তেলেংগানাৰ ৰংগাৰেড্ডী জিলাৰ মীৰপেটত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । এজন প্ৰাক্তন সেনা জোৱানে তেওঁৰ পত্নীক হত্যা কৰে। কেৱল ইমানে নহয় পত্নীক হত্যা কৰাৰ লগতে মৃহদেহ টুকুৰা টুকুৰ কৰি প্ৰেছাৰ কুকাৰত শৰীৰৰ অংশবোৰ সিজায়।তাৰ পিছত অৱশিষ্টখিনি পেলাই দিলে সমীপৰ পুখুৰীত। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত প্ৰাক্তন সেনা জোৱানজনক ।আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি, অভিযুক্তজনৰ নাম গুৰু মূৰ্তি। উল্লেখ্য যে যোৱা ১৬ জানুৱাৰীৰ পৰা প্রাক্তন সেনা জোৱানজনৰ পত্নী মাধৱী সন্ধানহীন হৈ আছিল। ১৮ জানুৱাৰী পর্যন্ত এই সন্ধানহীনৰ তথ্য প্রাক্তন সেনা জোৱানজনে আৰক্ষীক অৱগত কৰা নাছিল। অৱশেষত মাধৱীৰ পিতৃ-মাতৃয়ে এই সন্ধানহীনৰ ৰহস্যৰ উমান পাই আৰক্ষীক অৱগত কৰে। তথ্য মতে, প্রতিদিনেই স্বামীৰ অত্যাচাৰত থাকিব নোৱাৰি মাধৱী ওচৰৰ মহিলাৰ ওচৰলৈ যায় বুলি প্রাক্তন সেনা জোৱানজনে প্রকাশ কৰে যদিও আৰক্ষীয়ে সন্দেহ কৰি তালাচী অভিযান চলায়। আৰক্ষীয়ে সন্দেহ প্রকাশ কৰি প্ৰাক্তন সেনা জোৱানজনক আটক কৰি সোধা-পোছা কৰে আৰু পাছত হত্যা কৰা বুলি স্বীকাৰ কৰে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে, প্রাক্তন সেনা জোৱানজনে পত্নীক হত্যা কৰি বাথৰুমলৈ লৈ যায় আৰু তাতেই মৃতদেহ কাটি টুকুৰা-টুকুৰ কৰে। টুকুৰাৰ পৰা মাংস কাটি উলিয়ায় আৰু যিখিনি উলিয়াব নোৱাৰে সেইখিনি প্ৰেছাৰ কুকাৰত সিজায়। তিনিদিন ধৰি প্ৰেছাৰ কুকাৰত সিজোৱাৰ পাছত এই সিজোৱা টুকুৰাবোৰ ওচৰৰে মীৰপিট হ্ৰদত পেলাই দিয়ে। এই স্বীকাৰোক্তিৰ পিছতে আৰক্ষীয়ে প্রাক্তন সেনা জোৱান পত্নী হত্যাকাৰীক হ্ৰদৰ ওচৰলৈ লৈ যায়। তাত বিচাৰি চলাথ কৰে যদিও কোনো শুংসূত্র উলিয়াব পৰা নাই। আনকি আৰক্ষীয়ে মৃতদেহৰ অংশ উদ্ধাৰ কৰিবলৈ কুকুৰৰো সহায় লৈছে। হৃদত মৃতদেহৰ কোনো অংশ উদ্ধাৰ কৰিবলৈ সক্ষম নহ’লেও আৰক্ষীয়ে অভিযান চলাই আছে। তাৎপর্যপূর্ণ যে দাম্পত্য জীৱনত প্রাক্তন সেনা জোৱান স্বামী আৰু পত্নী মাধৱীৰ মাজত দীর্ঘদিন ধৰি কাজিয়া চলি আহিছিল। এই কাজিয়াৰ সময়ত স্বামীয়ে পত্নীক প্রায়ে মাৰধৰ কৰে। হত্যাৰ কাৰণ এতিয়াও আৰক্ষীয়ে উলিয়াব পৰা নাই।