পঞ্চায়ত নিৰ্বাচনৰ বাবে চূড়ান্ত ভোটাৰ তালিকা প্রকাশ

পঞ্চায়ত নিৰ্বাচনৰ বাবে চূড়ান্ত ভোটাৰ তালিকা প্রকাশ

ৰঙিলী বাৰ্ত্তাসেৱা- অসম ৰাজ্যিক নির্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচনৰ বাবে চূড়ান্ত ভোটাৰ তালিকা প্রকাশ কৰিলে । খচৰা ভোটাৰ তালিকাক লৈ ন্যায়ালয়ত চলি থকা গোচৰৰ মাজতে আয়োগে আনুষ্ঠানিকভাৱে ৰাজ্যৰ ২৭খন জিলাক সামৰি প্ৰকাশ কৰা চূড়ান্ত ভোটাৰ তালিকাত মুঠ ভোটাৰৰ সংখ্যা হ’ল- ১,৮০,১৪,৯১৩জন। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৯০,৬০,৬৪০জন আৰু মহিলা ভোটাৰ ৮৯,৫৩,৮৬৫গৰাকী। আনহাতে তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা হৈছে ৪০৮ গৰাকী। উল্লেখ্য যে ২৭খন জিলাৰ ৩৯৭খন জিলা পৰিষদ, ১৮১খন আঞ্চলিক পঞ্চায়ত, ২,১৯২খন গাঁও পঞ্চায়ত আৰু ২১,৯২০টা ৱাৰ্ডক সামৰি হ’ব লগা পঞ্চায়ত নির্বাচনক লৈ আয়োগে সাজু কৰি তুলিছে ২৪,৮৮৪টা ভোটগ্রহণ কেন্দ্ৰ। মন কৰিবলগীয়া যে খচৰা ভোটাৰ তালিকাত থকা ত্রুটিক কেন্দ্ৰ কৰি কেইবাখনো জিলাৰ ভোটাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এক আবেদনে নির্বাচন প্রক্রিয়াত কিছু সৃষ্টি কৰিছে জটিলতা। বহু ভোটাৰৰ নাম পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকাত সন্নিবিষ্ট নোহোৱাক লৈ ন্যায়ালয়ত দাখিল কৰা এই আবেদনৰ বাবে ৯ জানুৱাৰীলৈ নিৰ্বাচনৰ অধিসূচনা জাৰি নকৰিবলৈ ইতিমধ্যে ৰাজ্য চৰকাৰ তথা নির্বাচন আয়োগক স্পষ্ট নির্দেশনা দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। এনে অৱস্থাত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশৰ পাছতো নিৰ্বাচনৰ বাবে অধিসূচনা কেতিয়া জাৰি হ’ব তাক লৈ অব্যাহত আছে জটিলতা। এনে জটিলতা দূৰ কৰাৰ লক্ষ্যৰে অহা তিনি জানুৱাৰীত পঞ্চায়ত-গ্রামোন্নয়ন বিভাগে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিব এক শপতনামা। এই শপতনামাৰ জৰিয়তে বেমেজালি থকা জিলাসমূহক বাদ দি আন জিলাত নির্বাচন অনুষ্ঠিত কৰাৰ বাবে আবেদন জনাব বিভাগে। এই সন্দর্ভত পঞ্চায়ত আৰু গ্রামোন্নয়ন মন্ত্ৰী ৰঞ্জিত  কুমাৰ দাসে প্রকাশ কৰে যে তিনি জানুৱাৰীত গুৱাহাটী উচ্চ ন্যায়ালয়ে দাখিল কৰিব লগা লেখ আবেদনৰ জৰিয়তে চৰকাৰে যিসমূহ জিলাত জটিলতা আছে, সেই জিলাসমূহক বাদ দি আন জিলাত নির্বাচন অনুষ্ঠিত কৰাৰ বাবে অনুমতি বিচাৰিব। উল্লেখ্য যে ৰাজ্য চৰকাৰে দাখিল কৰিব লগা এই আবেদনমর্মে যদি গুৱাহাটী  উচ্চ ন্যায়ালয়ে নির্বাচন অনুষ্ঠিত কৰাৰ অনুমতি দিয়ে, তেন্তে পঞ্চায়ত আৰু জিলা পৰিষদসমূহ পুনৰ গঠনৰ সময়ত পঞ্চায়ত আইনৰ ৫নং দফাৰ লগতে বিভাগীয়ভাৱে জাৰি কৰা এছঅ’পি উলংঘা কৰা বুলি ৰাজ্য  চৰকাৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগো একপ্ৰকাৰ নস্যাৎ হ’ব বুলি চর্চা চলিছে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এই  সন্দর্ভত ইয়াকো উল্লেখ কৰে যে পঞ্চায়ত নির্বাচন নির্দিষ্ট সময়ত অনুষ্ঠিত নকৰিলে গাঁওসমূহৰ উন্নয়নৰ বাবে অহা পুঁজিসমূহ ঘূৰি যাব। গতিকে গ্রাম্য উন্নয়নৰ বাবে পুঁজিৰ সদ্ব্যৱহাৰৰ ক্ষেত্ৰত পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰাৰ বাবে উচ্চতম ন্যায়ালয়ৰো স্পষ্ট নির্দেশনা আছে। সেয়েহে তিনি জানুৱাৰীত দাখিল হ’ব লগা আবেদনৰ জৰিয়তে ৰাজ্য চৰকাৰে বিবদমান জিলাসমূহক বাদ দি আন জিলাত নির্বাচন অনুষ্ঠিত কৰাৰ অনুমতি লাভ কৰাৰ সম্ভাৱনা আছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে যদি ৰাজ্য চৰকাৰৰ আবেদনমর্মে নির্বাচন অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰে, তেন্তে ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিতে দুটা পর্যায়ত নির্বাচন অনুষ্ঠিত হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে। প্রথম পর্যায়ত উজনি অসমত আৰু দ্বিতীয় পর্যায়ত নামনি অসমত নির্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত চৰকাৰ আগবাঢ়িব পাৰিব বুলিও মন্ত্ৰীগৰাকীয়ে আশা প্রকাশ কৰে। পঞ্চায়ত নিৰ্বাচনৰ লগতে ৰাজ্যিক নির্বাচন আয়োগে ৰাভা হাছং স্বায়ত্ত পৰিষদ, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদকে ধৰি আন কেইবাটাও স্থানীয় নির্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। মাঘ বিহুৰ পাছতে ৰাজ্যিক নির্বাচন আয়োগে এই নির্বাচনসমূহ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত চলোৱা প্ৰস্তুতিৰ অংশস্বৰূপে ইতিমধ্যে আয়োগে প্রকাশ কৰিছে চূড়ান্ত ভোটাৰ তালিকা। আনকি শিলচৰ পৌৰ নিগমৰ বাবেও ৰাজ্যিক নির্বাচন আয়োগে প্রস্তুতি চলোৱা বুলি জানিব পৰা গৈছে।