পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰিবলৈ অনুমতি প্রদান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰিবলৈ অনুমতি প্রদান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰঙিলী বাৰ্ত্তাসেৱা- অৱশেষত ৰাজ্য চৰকাৰক পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰিবলৈ অনুমতি প্রদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। পঞ্চায়তৰ সীমা নিৰ্ধাৰণকে ধৰি খাম-খেয়ালীক লৈ ৰুজু হোৱা কেইবাটাও গোচৰৰ শুনানি গ্রহণ কৰি উচ্চ ন্যায়ালয়ৰ এখন বিচাৰপীঠে ৰাজ্য চৰকাৰক পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ অনুমতি প্রদান কৰে। অৱশ্যে ৯খন আবেদনৰ ক্ষেত্ৰত যোৱা ১৭ ডিচেম্বৰত ন্যায়ালয়ে জাৰি কৰা স্থগিতাদেশ বাহাল থাকিব। অর্থাৎ বিচাৰাধীন এই ৯খন আবেদনৰ অধীনস্থ অঞ্চলসমূহত নির্বাচন অনুষ্ঠিত কৰিব নোৱাৰিব ৰাজ্য চৰকাৰে। উল্লেখ্য যে ২০২৪ বৰ্ষৰ ১৯ জুনত অনুষ্ঠিত কেবিনেট বৈঠকৰ সিদ্ধান্ত অনুসৰি গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্ধাৰণৰ বাবে যোৱা তিনি আগষ্টত এছঅ’পি জাৰি কৰা হৈছিল। অসম পঞ্চায়ত আইনৰ ৩ এ ধাৰাৰ অধীনত জিলা, সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগৰ দ্বাৰা গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদসমূহৰ সমষ্টিৰ সঠিক পুনৰ নিৰ্ধাৰণৰ বাবে এছঅ’পিখন জাৰি কৰা হৈছিল। কিন্তু একাংশই অভিযোগ কৰে যে এছঅ’পিখনে অসম পঞ্চায়ত আইন, ১৯৯৪ৰ বিধানসমূহৰ লগতে অসম পঞ্চায়ত (সংবিধান) বিধি, ১৯৯৫ৰ ৫ (১) ধাৰা ভংগ কৰিছে। যাৰ বাবে সমষ্টি পুনৰ নিৰ্ধাৰণৰ এই প্ৰক্ৰিয়াৰ লগতে পঞ্চায়ত নির্বাচনক প্রত্যাহ্বান জনাই প্রায় অর্ধশতাধিক গোচৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু হয়। এই গোচৰসমূহৰ শুনানিৰ ভিত্তিতে যোৱা ১৭ ডিচেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক ৯ জানুৱাৰী পৰ্যন্ত পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি নকৰিবলৈ নিৰ্দেশ প্রদান কৰে। অৱশ্যে ৯ জানুৱাৰীৰ পূৰ্বেই ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ইণ্টাৰলুকেট’ৰী আবেদন দাখিল কৰি গোচৰ ৰুজু হোৱা ৯খন আবেদনৰ বাহিৰে ৰাজ্যৰ আন প্রান্তত নির্বাচন অনুষ্ঠিত কৰাৰ অনুমতি বিচাৰে। অৱশ্যে এই আবেদনৰ তীব্ৰ বিৰোধিতা কৰি আবেদন দাখিল কৰা পক্ষসমূহৰ অধিবক্তাসকলে যুক্তি প্রদর্শন কৰে। ইয়াৰ ভিত্তিতে ৬ জানুৱাৰী আৰু ৮ জানুৱাৰীত গোচৰটোৰ শুনানি অনুষ্ঠিত হয়। দীঘলীয়া শুনানিৰ অন্ততো যুক্তি প্রদর্শন প্রক্রিয়া সম্পূর্ণ নোহোৱাত যোৱা ১০ জানুৱাৰীত পুনৰ শুনানি অনুষ্ঠিত হয়। সেইদিনা নিশাপর্যন্ত গোচৰটোৰ শুনানি অনুষ্ঠিত হোৱাৰ অন্তত বিচাৰপীঠখনে ৰায়দান স্থগিত ৰাখে। আজি এই সংৰক্ষিত ৰায়দান ঘোষণা কৰি বিচাৰপীঠখনে ৯টা গোচৰৰ বাহিৰে আন স্থানসমূহত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ অনুমতি প্রদান কৰে। ৫৩৪৬/২০২৪, ৫৬১৩/২০২৪, ৫৬৩১/২০২৪, ৫৬৬৪/২০২৪, ৫৭০৬/২০২৪, ৫৭৫১/২০২৪, ৫৭৭১/২০২৪, ৫৯৮৪/২০২৪ আৰু ৬৩৪৭/২০২৪ নম্বৰৰ লেখ আবেদনৰ অন্তৰ্গত অঞ্চলসমূহৰ ক্ষেত্ৰত পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা ৰাজ্য চৰকাৰে জাৰি কৰিব নোৱাৰিব।