পঞ্চায়তৰ প্ৰাৰ্থী বাছনিৰ বাবে ‘আপ’ৰ আবেদন গ্ৰহণৰ প্ৰক্ৰিয়া অব্যাহত
‘স্মাৰ্ট মিটাৰ’ , ‘মূল্যবৃদ্ধি’ আপৰ মূল নিৰ্বাচনী ইছ্যু
ৰঙিলী বাৰ্ত্তাসেৱা- ‘ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবৰ বাবে উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক অনুমতি দিয়াৰ পিচতো অসম চৰকাৰে এপ্ৰিলৰ পূৰ্বে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব বিচৰা নাই । মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা সমাপ্ত নোহোৱালৈকে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নহ’লেও নিৰ্বাচনক লৈ আপৰ সাংগঠনিক তৎপৰতা চলি থাকিব। ইতিমধ্যে পঞ্চায়ত আৰু বিধান সভা সমষ্টি সমূহত কৰ্মী সভা অনুষ্ঠিত কৰি আপৰ নেতা-কৰ্মী সকলৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা সকলৰ বাবে দলৰ তৰফৰ পৰা আবেদন প্ৰ-পত্ৰ দি থকা হৈছে। অহা মাৰ্চ মাহলৈ এই প্ৰক্ৰিয়া অব্যাহত থাকিব। ‘ পঞ্চায়ত নিৰ্বাচনকলৈ দলীয় প্ৰস্তুতি সন্দৰ্ভত আম আদমী পাৰ্টিৰ ৰাজ্যিক সাধাৰণ সম্পাদক (সাংগঠনিক) ৰাজীৱ শইকীয়াই এক প্ৰেছ বিজ্ঞপ্তি যোগে এই কথা সদৰি কৰে। আপৰ জ্যেষ্ঠ নেতাগৰাকীয়ে ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ নেতৃত্বত পঞ্চায়তত শক্তিশালী ভাবে যুঁজ দিবলৈ দলৰ নেতা-, কৰ্মী সকল সাজু হোৱা বুলিও উল্লেখ কৰে। প্ৰেছ বিজ্ঞপ্তিটোত ৰাজীৱ শইকীয়াই কয়, ” ইতিমধ্যে ৰাজ্যৰ অধিক সংখ্যক জিলা আৰু বিধান সভা সমষ্টিতে দলৰ নতুন কমিটি গঠন কৰা হৈছে। ব্লক বা মণ্ডল কমিটি, পঞ্চায়ত কমিটি, বুথ পৰ্যায়ৰ কমিটি সমূহৰ গঠনৰ লগতে তৃণমূল পৰ্যায়ৰ কৰ্মী সকলক প্ৰশিক্ষিত কৰি তোলাৰ বাবে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ ।” পঞ্চায়ত নিৰ্বাচনত আম আদমী পাৰ্টিয়ে কোনো দলৰ সৈতে বুজাবুজি নকৰাৰ কথাও দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক গৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয়, ‘ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধি আৰু স্মাৰ্ট মিটাৰৰ জৰিয়তে চলোৱা লুণ্ঠন আম আদমী পাৰ্টিৰ বাবে হ’ব পঞ্চায়ত নিৰ্বাচনৰ মূল ইছ্যু ।’