পঞ্চভূতত বিলীন হ’ল কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ ড° অনিল কুমাৰ গোস্বামী
ৰঙিলী বাৰ্ত্তাসেৱা- পঞ্চভূতত বিলীন হ’ল কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ, বিশিষ্ট বিজ্ঞানী, শিক্ষাবিদ ড০ অনিল কুমাৰ গোস্বামী। দীর্ঘদিনীয়া বার্ধক্যজনিত অসুস্থতাৰ অন্তত শুকুৰবাৰে শিলপুখুৰীৰ নিজ বাসভৱনত দেহাৱসান ঘটে বিশিষ্ট শিক্ষাবিদগৰাকীৰ। শনিবাৰে পুৱাৰ ভাগত পৰিয়াল তথা গুণমুগ্ধই বাসভৱনত শ্রদ্ধা জ্ঞাপন কৰাৰ পিছতে বিশিষ্ট শিক্ষাবিদগৰাকীৰ মৃতদেহ শিলপুখুৰীৰ বাসভৱনৰ পৰা পোনে পোনে কটন বিশ্ববিদ্যালয়লৈ নিয়ে। কটন মহাবিদ্যালয়ৰ অধ্যক্ষ হোৱাৰ পূৰ্বে পদার্থ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপকৰূপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।দিনৰ ১২ বজাত মৃতদেহ কটন বিশ্ববিদ্যালয়লৈ অনাৰ পিছতে শিক্ষক, ছাত্র-ছাত্রী, প্রাক্তন ছাত্র আৰু কৰ্মচাৰীসকলে শিক্ষাবিদগৰাকীক শেষ শ্রদ্ধা জ্ঞাপন কৰে। তাৰ পিছত তেওঁৰ নশ্বৰদেহ পদার্থ বিজ্ঞান বিভাগলৈ নিয়া হয়। তাতো শিক্ষক আৰু ছাত্ৰ- ছাত্রীসকলে বিশিষ্ট শিক্ষাবিদগৰাকীক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। কটনৰ পৰা নশ্বৰদেহ পাণবজাৰৰ তাৰকাগৃহলৈ নিয়া হয়। উল্লেখ্য যে গুৱাহাটীৰ তাৰকাগৃহ স্থাপন কৰাত অগ্রণী ভূমিকা গ্রহণ কৰিছিল ড° অনিল কুমাৰ গোস্বামীয়ে। তাতে তাৰকাগৃহ কর্তৃপক্ষৰ লগতে কেইবাটাও সংগঠনে শিক্ষাবিদগৰাকীক শ্রদ্ধা জনায়। তাৰকাগৃহৰ পৰা পোনে পোনে মৃতদেহ নৱগ্ৰহ শ্মশানলৈ নিয়া হয়। নৱগ্ৰহ শ্মশানত সম্পূৰ্ণ ৰাজ্যিক মর্যাদাৰে বিশিষ্ট শিক্ষাবিদগৰাকীৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰা হয়। শিক্ষাবিদগৰাকীৰ একমাত্ৰ জীয়াৰী অনিমিতা গোস্বামী ফুকনে মৃতদেহত মুখাগ্নি কৰে। নৱগ্রহ শ্মশানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচার্য ড° অমৰজ্যোতি চৌধুৰী, কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ৰমেশ চন্দ্র ডেকা, ন্যায়াধীশ উন্নীত কৃষ্ণ নায়াৰ, ড° ইন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, ড° জয়নাথ শর্মা, বিশিষ্ট সমালোচক, অধ্যাপক প্রদীপ আচার্য, ড° অৰূপ শৰ্মা, ড° জয়দীপ বৰুৱাকে প্ৰমুখ্য কৰি বহু বিশিষ্ট ব্যক্তিয়ে শিক্ষাবিদগৰাকীক শেষ শ্রদ্ধা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত বিশিষ্ট শিক্ষাবিদগৰাকীয়ে পত্নী তথা প্রখ্যাত চিকিৎসক ডাঃ অলকা গোস্বামী আৰু একমাত্র কন্যা অনিমিতা গোস্বামীকে প্ৰমুখ্য কৰি বহু আত্মীয়-স্বজনক এৰি থৈ গৈছে। কটন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, বিশিষ্ট শিক্ষাবিদ ড° অনিল কুমাৰ গোস্বামীৰ বিয়োগত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে। এক শোকবার্তাযোগে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই বর্ষীয়ান শিক্ষাবিদগৰাকীৰ বিয়োগৰ পিছত অসমে এগৰাকী উজ্জ্বল ৰত্ন হেৰুৱালে বুলি উল্লেখ কৰি কটন কলেজ তথা অসমৰ সমাজ জীৱনলৈ শিক্ষাবিদগৰাকীয়ে আগবঢ়োৱা অৱদানক ৰাজ্যবাসীয়ে সদায়ে স্মৰণ কৰিব বুলি কয়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই শিক্ষাবিদগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।