ন-খোৱা – এছ, ইছলাম

ন-খোৱা
 এছ, ইছলাম, শিক্ষক 
          পশ্চিম মইনবৰী ,বৰপেটা
গাভৰু হ’ব আঘোণৰ পথাৰ
লখিমী আই লহ্ পহ্ কৈ বাঢ়ে
মৃদু মলয়া বতাহত হালে-জালে
চহাৰ মনত আনন্দৰ জোৱাৰ।
আটক ধুনীয়াকৈ ভঁৰাল সাজিব
হাতে হাতে কাচিলৈ দাৱনী আহিব
বিৰিয়াৰে ধানৰ ডাঙৰি আনিব
ৰুন্ জুন্ ৰুন্ জুন্ নাচিব।
আইতাই নিৰ্দিষ্ট দিন-বাৰ কৰিব
গোঁহাই আহিব ন-খোৱা হ’ব
আটায়ে মিলি ভোজ ভাত খাম
ন-গামোচাৰে গোহাঁয়ে আশিৰ্বাদ দিব।
আজিকালি দিনকাল উলটিল
ন-খোৱা সমাজত নোহোৱা হ’ল।