নৱ বৰ্ষৰ নতুন প্রত্যাশা – কবিতা শর্মা

নৱ বৰ্ষৰ নতুন প্রত্যাশা …

কবিতা শর্মা, গুৱাহাটী

কেলেণ্ডাৰৰ পৰা আৰু এটা পাত সৰি পৰিব আজি ৰাতি। আজি ৰাতিৰ পৰাই এটা বছৰৰ ভাৰ সহি থকা কেলেণ্ডাৰখনো অপ্রয়োজনীয় হৈ পৰিব …

চকুৰ পলকতে আমাৰ হাতৰ মুঠিৰ পৰা সৰকি গ’ল আৰু এটা বছৰ। আমাৰ জীৱনৰ অগণিত উশাহ-নিশাহ, আমি ধৰি ৰাখিব খোজা অলেখ আনন্দৰ মূহুৰ্ত, জীৱন সংগ্ৰামৰ পাৰ হৈ যাব নোখোজা অলেখ ক্ষণ – এটা মুহুর্ততে আমাৰ হাতৰ মুঠিৰ পৰা সৰকি গ’ল। সময়ে যে আমাক এনেকৈ পাছ পেলাই নিজস্ব দুৰন্ত গতিৰে প্ৰবাহিত হৈ আছে, সেই কথাবোৰ বছৰটোৰ মাজত হয়তো কেতিয়াও ভবা নাযায়- বছৰটোৱে মেলানি মাগিবৰ সময়তহে যেন সেই কথাবোৰ অনুভৱ কৰোঁ আৰু আৱেগিক হৈ পৰোঁ। পুৰণি বছৰটোৱে সুখ-দুখ, হাঁহি- কান্দোন যিয়েই বিলাই নাযাৱক কিয়, বছৰটো শেষ হোৱাৰ সময়ত কি যে এক দুখবোধে প্রতিবছৰেই মনটোক জোকাৰি যায় … নতুন বছৰ আহিলেই এৰি অহা সময়ৰ পৃষ্ঠাবোৰ খোল খাই এটা এটাকৈ …পোৱা-নোপোৱাৰ, প্ৰাপ্তি -অপ্রাপ্তি, আনন্দ-বিষাদ, ন- ন স্বপ্ন আৰু স্বপ্ন ভংগৰ … তাৰ পৰাই আকৌ আৰম্ভ কৰোঁ সময়ক গতিশীল কৰাৰ নতুন সংকল্প। জীৱন জীয়াই থকাৰ হেপাহে মুকলি কৰে নতুন পৃষ্ঠাৰ …

বয়সে জীৱনৰ এনে এক স্থান পোৱাইছেহি যে, পাৰ হৈ যোৱা সময়বোৰ বৰ আপুৰুগীয়া যেন লগা হৈছে। এনে অনুভব কৰিব ধৰিছোঁ যেন বছৰবোৰ ঘনে ঘনে গুচি গৈছে। সময় যিমানেই খৰকৈ গৈছে জীৱনলৈ মোহো যেন সিমানেই বাঢ়ি আহিছে। নিজৰ জীৱনৰ সৈতে নিজ-নিজ কর্ম স্থানত ব্যস্ত হৈ পৰা আমাৰ সন্তান আৰু লগতে ছাৰিওকাষৰ সৰু-সৰু লৰাছোৱালীবোৰৰ বয়সোচিত বৃদ্ধি দেখি অনুভৱ কৰো সময়ৰ ক্ষিপ্ৰ গতি … দুবছৰমান আগতে তোলা ফটোখনৰ লগত নিজক  তুলনা কৰি চালেই অনুভৱ কৰোঁ সময়ৰ হাতোৰাই আমাক কেনে আঁচোৰ দি থৈ গৈছে। অথচ আমি নজনাকৈয়ে সেই আঁচোৰ কঢ়িয়াই দৈনন্দিন জীৱনত মগ্ন হৈ থাকোঁ।

সময়ৰ পৰিৱৰ্তনৰ লগেলগে সকলো ক্ষেত্রতে অবিৰত পৰিৱৰ্তন লক্ষ্য কৰিছোঁ। বিশেষকৈ সমাজখনৰ। প্ৰকৃতিৰ নিয়ম অনুসৰি পৰিৱৰ্তন হোৱাটো তেনেই স্বাভাবিক কথা। সমাজখনৰ উন্নতিৰ বাবে হোৱা পৰিৱৰ্তন আমাৰ সকলোৰে কাম্য। কিন্তু অতি দুর্ভাগ্য বশতঃ বর্তমান প্রায় প্রতিটো দিনে – ঠগ-প্রবঞ্চনাৰ ঘটনা, হত্যা -লুণ্ঠন, ধর্ষিতা নাৰীৰ চিৎকাৰ, পথ – দুর্ঘটনা, বানে গৰকা মানুহৰ বিননি, খহনীয়া, কৃত্রিম বানত মৃত্যু আদি বছৰ জুৰি ঘটা ঘটনাবোৰৰ খবৰে আমাক ব্যথিত কৰি তোলে। আমি শংকিত হওঁ, আতংকিত হওঁ, নিৰাপত্তাহীনতাত ভুগো। তাতোকৈ চিন্তাৰ বিষয় হ’ল – বৰ্তমান সময়ত সততে দেখা দিয়া সমাজখনৰ ভবিষ্যত স্বৰূপ আমাৰ নৱ-প্ৰজন্মৰ দিনে দিনে বাঢ়ি অহা উশৃঙ্খলতা। কৈশোৰৰ অপৰাধৰ ঘটনা দিনক দিনে বৃদ্ধি পাইছে। ইন্টাৰনেট, ম’বাইলৰ অপব্যৱহাৰ, ড্ৰাগছ, ডেণ্ড্রাইত, গুটখা আদিৰ প্রতি তীব্র ভাবে আসক্ত আজিৰ যুৱচাম। যিবোৰ দেখি শুনি আমি ভাবিবলৈ বাধ্য হৈছোঁ যে, বর্তমান সময়ত বিশ্বাস, ভালপোৱা, মৰম, প্ৰতিশ্ৰুতি এইবোৰে মৰ্যাদা হেৰুৱাইছে। ৰাজ্য খনৰ ৰাজনৈতিক অস্থিৰতাইও মানুহক বিচলিত কৰে সেই কথাও অনস্বীকার্য। ৰাজ্য খনত সুস্থিৰতা নাথাকিলে ভাল কামৰ আশা কৰিব নোৱাৰি।

তথাপিও আমি আশাবাদী। আমি নিবিচাৰোঁ নতুন প্রজন্ম অন্ধবিশ্বাসী, ভাগ্য নিৰ্ভৰ, উৎসৱ – সমর্পিত প্রাণ, নিজ মাতৃৰ মাত -কথা নেওচা দিব পৰাকৈ নিৰ্বিকাৰ ৰূপে গঢ়ি উঠক। আশা কৰোঁ, সকলোৱে, বিশেষকৈ যুৱ চামে নতুন বছৰটোত সস্তীয়া আবেগ এৰাই চলি নির্মোহ ভাবে আগলৈ চাবলৈ নিজৰ ভাল লগা, অথচ আনৰো কামত অহা সৃষ্টিশীল কামত নিজকে নিয়োেগ কৰে। সকলো উদ্যমী হৈ পৰক। অতীতৰ সমাজ ব্যৱস্থা আৰু বৰ্তমানৰ সমাজ ব্যৱস্থাৰ যথেষ্ট ব্যৱধান থাকিলেও, সামাজিক প্ৰথাসমূহৰ পৰিৱৰ্তন সাধন কৰি প্ৰণালীবদ্ধ ভাবে সমাজখন আগুৱাই নিয়াত কেৱল যুৱ প্ৰজন্মই নহয় আমি সকলোৱে অংশ গ্ৰহণ কৰিব লাগিব।

নতুন বছৰটোৰ প্ৰতি আগৰ দৰে সাংঘাটিক মোহ আজিকালি নাই। এতিয়া দিনকাল বেলেগ হ’ল। চিন্তা-চর্চাও বেলেগ হ’ল। আগৰ দৰে উত্তেজনা বা আনন্দ একোৱেই অনুভৱ নকৰোঁ। সাংঘাটিক কিবা পৰিকল্পনা আছে বুলিও কব নোৱাৰি। তথাপিও প্ৰতি বছৰে নিজকে কিছুমান প্রতিশ্রুতি দিও। যেনে – বছৰটোত ভাল -ভাল কিতাপ কেইখন মান পঢ়া, লিখা- মেলাত মনোযোগ দিয়া, পুৱা – গধুলী সঙ্গীত চৰ্চা কৰা, স্বাস্থ্যৰ বাবে হানিকাৰক খাদ্য পৰিহাৰ কৰা, সদায় ব্যায়াম কৰা, গছ পুলি কেইটামান ৰুৱা ইত্যাদি। যিমান পাৰোঁ সেই প্ৰতি শ্ৰুতি বোৰ মানি চলিবও চেষ্টা কৰোঁ – যদিও বছৰৰ শেষত দেখো নানান কাৰণত সেইবোৰ আখৰে আখৰে পালন কৰিব নোৱাৰিলোঁ। কিন্তু যিখিনি কৰিলোঁ, সেইখিনিৰে মোৰ জীৱন ধাৰণ প্রণালীত কিছু হলেও উত্তৰণ ঘটিল।

আমি “ভাল” বা “বেয়া” বুলি ভবা আমাৰ জীৱনৰ ঘটনা বা পৰিঘটনাবোৰে আচলতে আমাক সমৃদ্ধহে কৰি থৈ যায়। বেয়া ঘটনাবোৰে আমাক সহনশীল কৰি জীৱনটোক স্পৰ্শ কৰি চোৱাৰ সুযোগ দি আমাৰ জীৱনবোধক চহকী কৰে, ভাল বোৰে আমাৰ জীৱনৰ পৰিপূৰ্ণতা আনে । জীৱনত কি ঘটনা বা পৰিঘটনা ঘটিব সেই কথা আমাৰ হাতত নাথাকে। কিন্তু নিজৰ উত্তৰণ ঘটোৱাৰ প্ৰচেষ্টা সদায় আমাৰ হাততে থাকে। সেয়েহে নতুন বছৰৰ প্ৰতিটো দিনত নিজৰ বাবে অলপ সময় আচুতীয়াকৈ ৰাখি সেই সময় খিনি কেৱল নিজৰ বাবে ব্যৱহাৰ কৰো আহক। তেতিয়া আমাৰ ব্যক্তিত্ব, আমাৰ চিন্তাচৰ্চা আৰু আমাৰ জীৱনশৈলীৰ উত্তৰণ হোৱাটো নিশ্চিত। যেনেকৈ আমাৰ পৰিয়াল, আমাৰ সন্তান, আত্মীয়স্বজন, বন্ধু-বান্ধবী – এই সকলোৰে প্ৰতি আমাৰ প্ৰেম আছে, ঠিক তেনেকৈয়ে নিজৰ প্ৰতিও আমাৰ প্রেম থকাতো বা নিজকো গুৰুত্ব দিয়াটো অত্যন্ত জৰুৰী। কাৰণ আমাৰ নিজৰ উত্তৰণৰ লগতহে আমাৰ পাৰিপাৰ্শ্বিক সকলোৰে উত্তৰণ সম্ভৱ।

সময় মহা মূল্যবান। ই কাৰো বাবে ৰৈ নাথাকে।

নৱবৰ্ষই আমাক এই সকীয়নিকে দিয়ে। স্বামী বিবেকানন্দই কৈ গৈছিল “সময়ৰ জোখ কামতহে, ঘড়ীৰ কাঁটা কেইডালত নহয়।”

এই কথাশাৰী সাৰোগত কৰি কৰ্মৰত হ’লে, নৱ বৰ্ষই দি যোৱা উপহাৰবোৰৰ প্ৰতি আমি কৃতজ্ঞ হব পাৰিম, লগতে দুৰ্ঘটনা বোৰৰ পৰা আমি শিক্ষাও লব পাৰিম। ইয়াকে নকৰিলে অহা নৱ বর্ষত আমি আক্ষেপ কৰাৰ বাহিৰে একো নাথাকিব। মাছে – মঙহে দকচি খাই, ডাঙৰকৈ মিউজিক বজাই বা ফটকা ফুটাই নৱ বৰ্ষক আদৰিলেই নতুন বছৰটো ৰঙীন হৈ নপৰে। এই উদ্যম আমি কৰ্মৰে কৰি দেখুৱাব লাগিব। ২০২৪ বৰ্ষত আমি ৰাজনীতি, শিল্প, ক্রীড়া, সাংস্কৃতিক এই সকলো ক্ষেত্ৰৰে বহুকেইজন পুৰোধা ব্যক্তিক হেৰুৱালোঁ। সেয়া আমাৰ সমগ্র দেশবাসীৰ বাবে এক অপূৰণীয় ক্ষতি। তেওঁলোকৰ সেই শুণ্য স্থান পূৰাব নোৱাৰিলেও তেওঁলোকৰ পদাঙ্ক অনুসৰণ কৰি নিজৰ ক্ষেত্রত আগবাঢ়ি যাব পৰাকৈ আমি কর্মোদ্যমী হোৱাতো নিশ্চয় আশা কৰিব পাৰি ।

আশা কৰিছোঁ মানুহৰ মনৰ অসন্তুষ্টি দূৰ হওক। আর্থ – সামাজিক জীৱন পূৰ্বতকৈ বিকশিত হওক । মানুহৰ মাজত সমন্বয়, বন্ধুত্ব, আৰু স্নেহৰ সম্পর্ক গঢ়ি উঠক – দুখ-যন্ত্ৰণা আঁতৰি যাওক নতুন বছৰটো সকলোৰে বাবে আনন্দময় আৰু মঙ্গলময় হওক তাৰেই কামনা কৰিলোঁ। সকলোকে নতুন বছৰৰ শুভ কামনা জনালোঁ। স্বাগতম ২০২৫ …