নৱাৰুণ সাহিত্য সভাৰ দ্বি–বাৰ্ষিক অধিবেশন সামৰণি

নৱাৰুণ সাহিত্য সভাৰ দ্বি–বাৰ্ষিক অধিবেশন সামৰণি

শৈলেন কুমাৰ,মিৰ্জা, ৰঙিলী বাৰ্ত্তাসেৱা-  দক্ষিণ কামৰূপৰ আমৰাঙা–বৰিহাটস্থিত অগ্ৰণী সাহিত্যানুষ্ঠান নৱাৰুণ সাহিত্য সভাৰ ত্ৰয়োদশ দ্বি–বাৰ্ষিক অধিবেশনখনি ২৭ ডিচেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে সৰুহেৰামদো সত্ৰ প্ৰাংগনত অনুষ্ঠিত হয়। অধিবেশনৰ অন্তিম দিনৰ কাৰ্যসূচী অনুসৰি–  পুৱা ৯.৩০ বজাত নৱনিৰ্বাচিত সভাপতিক আদৰি আয়োজন কৰা সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে সংগীত শিল্পী, গীতিকাৰ, সুৰকাৰ আনন্দ দাসে। দুপৰীয়া ১২ বজাৰ মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠানটোৰ সভাপতিত্ব কৰে নৱ–নিৰ্বাচিত সভাপতি উপেন্দ্ৰ নাথ ঠাকুৰীয়াই আৰু অনুষ্ঠানটোৰ আঁত ধৰে ধনমণি দাসে। উক্ত সভাখন মুকলি কৰে মিৰ্জাস্থিত দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, বৰ্তমান শংকৰদেৱ বিশ্ববিদ্যালয়ৰ মুৰব্বী অধ্যাপক ড০ গজেন্দ্ৰ অধিকাৰীয়ে। সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকে কামৰূপ জিলাৰ অতিৰিক্ত আয়ুক্ত, বিশিষ্ট কবি কমল বৰুৱাই আৰু আজাৰা সাহিত্য সভাৰ সভাপতি তথা অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক ৰাতুল গোস্বামীয়ে নিৰ্দিষ্ট বক্তা ৰূপে উপস্থিত থাকে। আনহাতে, সভাখনত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক তথা অসম ফুটবল সন্থাৰ যুটীয়া সম্পাদক হিমাংশু শেখৰ বৈশ্যই নিমন্ত্ৰিত অতিথিৰূপে অংশ গ্ৰহণ কৰে। নৱাৰুণ সাহিত্য সভাৰ স্মৃতিগ্ৰন্থ ‘নৱাৰুণ’ উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক বিমল মজুমদাৰে। আজিৰ সভাত চৌধুৰীপাৰাৰ কৃষক যতীন চৌধুৰীক ‘কলাগুৰু বিষ্ণুৰাভা কৃষক সন্মান’, বৰফুলগুৰি সত্ৰৰ বায়ন ভৱেশ দাসক ‘ড° ভূপেন হাজৰিকা শিল্পী সন্মান’ আৰু দৈনিক অসমৰ সংবাদদাতা টাঙ্গনপাৰাৰ নীৰেন্দ্ৰ প্ৰসাদ ৰাভাক ‘ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা সাহিত্য সন্মান’ হিচাপে সম্বৰ্ধনা জনোৱা হয়। সাহিত্য প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰা কটন বিশ্ববিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰী সাক্ষী প্ৰিয়ম্বদা, দ্বিতীয় স্থানপ্ৰাপ্ত আমৰাঙ্গা–বৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ অংকুৰজ্যোতি কলিতা আৰু তৃতীয় স্থানপ্ৰাপ্ত মঙ্গলদৈৰ ৰঞ্জিত শৰ্মা একাডেমী চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ একাদশ শ্ৰেণীৰ ছাত্ৰী বুবুমনি বৈশ্য লগতে চিত্ৰাংকন, কুইজ, জিজ্ঞাস আৰু খেলৰ সহায়ত বানান প্ৰতিযোগীতাৰ পুৰস্কাৰ সমূহো এই সভাতে প্ৰদান কৰে। নৱাৰুণ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থ প্ৰাণেশ্বৰ কলিতাৰ ‘কিশোলয়’ আকাশ উপ–সমিতিৰ হাতে লিখা দুখন আলোচনী, বিজু ঠাকুৰীয়া মহন্তৰ ১খন গ্ৰন্থ, লগতে মামণি কলিতাৰ ৩খন গ্ৰন্থ এই সভাতে উন্মোচন কৰা হয়। উল্লেখ্য যে ২০২২ বৰ্ষতে নৱাৰুণ সাহিত্য সভাই যিকোনো উৎসৱ–পৰ্বত গ্ৰন্থ উপহাৰ দিয়াৰ বাবে এক প্ৰস্তাৱ গ্ৰহণ কৰিছিল। সেয়ে অলপতে অসম চৰকাৰে গ্ৰন্থ উপহাৰ দিয়াৰ ক্ষেত্ৰত কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তক সভাই আদৰণি জনাই এক প্ৰস্তাৱ গ্ৰহণ কৰে। লগতে অসম সাহিত্য সভাৰ বাৰ্ষিক অধিবেশন আমৰাঙা–বৰিহাটত আয়োজন কৰা আৰু অঞ্চলটোৰ বিয়া–সবাহকে আদিকৰি উৎসৱ–পাৰ্বন সমূহত গ্ৰন্থ উপহাৰ দিয়াৰ বাবেও এক প্ৰস্তাৱ গ্ৰহণ কৰে। নৱাৰুণ সাহিত্য সভাৰ সভাপতি কমলা কান্ত দাস আৰু সম্পাদক মিতুমনি দাস, সৰুহেৰামদো ৰাইজৰ সভাপতি ভোগেশ্বৰ দাস, সম্পাদক দ্বীজেন মহন্ত, আদৰণি সমিতিৰ সভাপতি প্ৰভাত দাস আৰু সম্পাদক হৰেকৃষ্ণ দাসে উৎসাহিত ৰাইজে আজিৰ মুকলি অধিবেশন সাফল্যমণ্ডিত কৰি তোলাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে।